নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ ক’ৰোনা ভাইৰাছক প্রতিৰোধ কৰাৰ ক্ষেত্রত ইউৰোপীয় দেশ জার্মানীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰি কিছু সফলতা লাভ কৰিছে ৷ শেহতীয়াকৈ দেশখনৰ চৰকাৰে ক’ৰোনাৰ সংক্রমণত প্রতিৰোধ লগাবলৈ দুজনতকৈ অধিক লোকৰ ৰাজহুৱা স্থানত সমাৱেশ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷ দেশবাসীক সম্বোধি চেঞ্চেলৰ এঞ্জেলা মার্কেলে দিয়া ভাষণত উল্লেখ কৰা হৈছে যে জনসাধাৰণৰ নিজৰ আচৰণ তথা জীৱন ধাৰণ শৈলীয়েই হ’ব ক’ৰোনাৰ সংক্রমণ হ্রাস কৰাৰ আটাইতকৈ প্রভাৱশালী উপায়৷ উল্লেখনীয় যে ক’ৰোনা প্রতিৰোধৰ বাবে নেত্রীগৰাকীয়ে দেশজুৰি চেলুন, মাছেজ ষ্টুডি’ তথা অন্যান্য সৌন্দর্যবর্ধন ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ উল্লেখনীয় যে জৰুৰী বুলি বিবেচিত নোহোৱা বিভিন্ন সামগ্রীৰ দোকান ইতিমধ্যে বন্ধ কৰা হৈছে জার্মানীত৷ লক্ষণীয়ভাৱে ক’ৰোনাৰ সংক্রমণৰ আশংকাৰ বাবেই চেঞ্চেলৰ মার্কেলে আছুতীয়াকৈ থাকিবলৈ লৈছে ৷