নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সা জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। সকলো ম’বাইল সেৱা প্ৰদানকাৰীৰ ইণ্টাৰনেট সেৱা আৰু ম’বাইল ডাটা সেৱা কৰ্তন কৰাৰ নিৰ্দেশনা দিয়া হৈছে।

কালি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত যি হিংসাত্মক ঘটনা ঘটিল, তাৰ পিছতে সমগ্ৰ বাক্সা জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।

শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্যৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। সকলো ম’বাইল সেৱা প্ৰদানকাৰীৰ ইণ্টাৰনেট সেৱা আৰু ম’বাইল ডাটা সেৱা কৰ্তন কৰাৰ নিৰ্দেশনা দিয়া হৈছে।

উল্লেখ্য যে পৰৱৰ্তী জাননী নিদিয়ালৈ প্ৰযোজ্য থাকিব এই নিৰ্দেশনা। এই সময়ছোৱাত ভইচ কল আৰু ব্ৰডবেণ্ড সংযোগৰ টেলিফোন লাইন অব্যাহত থাকিব।

 লক্ষণীয় যে চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ

You might also like