নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেহেনীপাৰাত ১২০ শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষাঃ দুজনক জি এম চি এইচলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ কাৰণে লক ডাউন চলি থকাৰ সময়তে  কামৰূপ জিলাৰ বেজেৰাৰ ওচৰৰ খেহেনীপাৰাত বহিঃৰাজ্যৰ ১২০ জন শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । ইয়াৰ ভিতৰত দুজনক প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ।বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডাঃ চবিন দাসে জনোৱা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক পুঁজিৰে খেহেনীপাৰাৰ নিৰ্মীয়মান আদৰ্শ আবাসিক বিদ্যালয়ত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ১১৫ জন বহিঃৰাজ্যৰ শ্ৰমিকে কাম কৰি আছে । কিন্তু যোৱা মাৰ্চ মাহৰ ১৯ তাৰিখে আৰু ৫ জন বহিঃৰাজ্যৰ শ্ৰমিক উপস্থিত হয় আৰু আটাইকেইজন একেলগে থকাৰ ব্যৱস্থা কৰে ।

স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি এইটো সময়ত ৫ জন শ্ৰমিক আছুতীয়া ভাৱে থাকিব লাগে । তাকে নকৰি  আবাসিক বিদ্যালয় কতৃপক্ষই ১৯ মাৰ্চত আহি উপস্থিত হোৱা ৫ জন শ্ৰমিকক সুকীয়া ভাবে থকাৰ ব্যৱস্থা নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । জিলা প্ৰশাসনৰ উপৰি স্বাস্থ্য বিভাগৰ ফালৰ পৰা খেহেনীপাৰাৰ আদৰ্শ  আবাসিক বিদ্যালয়ৰ নিৰ্মাণ স্থলীত উপস্থিত হৈ শ্ৰমিক সকলৰ যাতায়াতৰ তথ্য সংগ্ৰহ,  স্বাস্থ্য পৰীক্ষাৰ লগতে ক’ৰোনা ভাইৰাছ সংক্ৰামক প্ৰতিৰোধৰ কাৰণে ল’বলগা পৰামৰ্শ সমূহ দিয়া হয় শ্ৰমিক সকলক ।

অজয় ৰবি দাস আৰু পঞ্চ ৰবি দাস নামৰ শ্ৰমিক দুজন জ্বৰ,কাহ,পানীলগা ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকে দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । শ্ৰমিক সকলৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত  বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক ডাঃ চবিন দাস আৰু স্বাস্থ্য কৰ্মীৰ এটা দলৰ লগতে জিলা প্ৰশাসনৰ হৈ কমলপুৰ ৰাজহ চক্ৰৰ বিষয়া অংকিতা শৰ্মা উপস্থিত থাকে ।

You might also like