নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোলাত পুত্ৰৰ মৃতদেহ লৈ এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ৰাজপথত এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন।কৰণা ভাইৰাছৰ আতংকৰ মাজতে বৰমাৰ নিকটৱৰ্তী বৰবজাৰত কৰুণভাৱে মৃত্যু হয় এটি ৪ বছৰীয়া শিশুৰ। উল্লেখ্য যে ওদালগুৰি জিলাৰ টংলাৰ ধ্ৰুৱ বৰ্মনৰ একমাত্ৰ সন্তানটোৰ নাম ৰিহান বৰ্মন নামৰ শিশুটিৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। কেইবাদিন ধৰি শিশুটি জ্বৰত আক্ৰান্ত হৈ থকাত শিশুটিক বৰমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আয়ুৰ্বেদিক চিকিৎসক ডাঃ প্ৰণৱ শৰ্মাই বিশেষ একো গুৰুত্ব নিদি মাত্ৰ এটা বেজী দিয়েই দায়িত্ব সামৰাৰ অভিযোগ। লগতে শিশুটিক হাতেৰেও চুই নোচোৱা বুলি মন্তব্য কৰে শিশুটিৰ মাতৃয়ে। বিশ্ব জুৰি ক’ৰণা ভাইৰাছ সংক্ৰমিত হৈ থকা সময়তে এখন এম্বুলেন্স বাবে হাহাকাৰ কৰিব লগা হ’ল পৰিয়ালটোৱে। অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালটোৱে শিশুটিক কোলাকেই এম্বুলেন্স বনাই হাস্পতাললৈ নিয়ে যদিও শিশুটিক মৃত ঘোষণা কৰে।

You might also like