নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত তবলিগী জামাতৰ পৰা দেশজুৰি ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাতৰি বিয়পি পৰাৰ লগে লগে চৰ্চালৈ আহিছে এই দুটা বিশেষ নাম । সকলোৰে বাবে চৰ্চাৰ বিষয় হৈছে নিজামুদ্দিন মাৰ্কাজ কি ? তবলিগী জামাত কি ?
দক্ষিণ দিল্লীৰ এটা পৌৰাণিক এলেকা হৈছে নিজামুদ্দিন । এই নিজামুদ্দিন দিল্লীৰ পৰ্যটনস্থালীসমূহৰ ভিতৰত অন্যতম । শ্বায়েৰী সম্ৰাট মিৰ্জা গালীবৰ সমাধি, হুমায়ুনৰ সমাধি আৰু চুফী সাধক নিজামুদ্দিন আউলীয়াৰ কবৰস্থানৰ বাবেই এই অঞ্চলটো নিজামুদ্দিন দৰগাহ নামেৰে প্ৰখ্য়াত । নিজামুদ্দিন দৰগাহলৈ নিতৌ আগমণ ঘটে অনেক দেশী-বিদেশী পৰ্যটকৰ । নিজামুদ্দিন দৰগাহৰ সমীপৰ গলিত আছে এটা বিশেষ মছজিদ । বাংলেৱালী মছজিদৰূপে পৰিচিত এই মছজিদটোৰ চৌহদত আছে ৬ মহলীয়া এটা বিশেষ অট্টালিকা । এই অট্টালিকাটোৱেই হৈছে তবলিগী জামাতৰ কাৰ্যালয় ।
এই কাৰ্যালয়টোৰ প্ৰথম মহলাত আছে এটা বিশাল হল । এই হলটোত এহাজাৰতকৈয়ো অধিক লোকে একেলগে বহি ইছলাম ধৰ্ম সম্পৰ্কীয় আলোচনাত মিলিত হয় । একেটা অট্টালিকাতেই দেশ-বিদেশৰ ধৰ্মালোচনাৰ বাবে অহা লোকসকলৰ থকা-খোৱাৰ ব্যৱস্থা আছে । এই অট্টালিকাটোৰ তলৰ মহলাত আছে প্ৰকাণ্ড ৰান্ধনীশাল । এই ৰান্ধনীশালতেই প্ৰত্যেক দিনাই দেশ-বিদেশৰ পৰা ধৰ্মলোচনাৰ বাবে অহা লোকসকলৰ বাবে খাদ্য প্ৰস্তুত কৰা হয় ।
এতিয়া ভাৰতত ক’ৰোনা সংক্ৰমণ নিজামুদ্দিন মাৰ্কাজৰ পৰা হোৱা বুলি প্ৰচাৰ হোৱাৰ পিছত পোহৰলৈ আহিছে এই সমগ্ৰ তথ্য । নিজামুদ্দিন মাৰ্কাজৰ বিষয়ে চৰ্চা চলাৰ লগে লগেই শিৰোনামলৈ আহিছে তবলিগী জামাতৰ প্ৰসংগ ।
উল্লেখ্য যে ১৯২৭ চনত হাৰিয়ানাৰ মেৱাড নামৰ অঞ্চল এটাৰ পৰায়ে ইছলামিক পণ্ডিত মহম্মদ ইলিয়াছ অল কান্ধলৱীয়ে উদাৰপন্থী ইছলামিক চিন্তা-চৰ্চাৰ বিপৰীতে কঠোৰভাৱে আল্লাৰ বাণী প্ৰচাৰ কৰি বিশ্ব শান্তি স্থাপনৰ বাবে স্থাপন কৰিছিল তবলিগী জামাত । পিছত দিল্লীত ১৯৪১ চনত এক বিশাল সমাৱেশেৰে তবলিগী জামাত অনুষ্ঠিত হোৱাৰ পিছত কট্টৰ ধৰ্মীয় অনুষ্ঠানটোৱে গোড়া মুছলিমসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰে । প্ৰথমে দেউবণ্ডী মুছলমান ধৰ্মীয় আন্দোলনৰ অনুগামী হিচাপে পৰিচিত এই সংগঠনটো পৰৱৰ্তী সময়ত গোড়া ধৰ্মীয় সংগঠনলৈ ৰূপান্তৰিত হয় । স্বাধীনতাৰ পাছৰ পৰা দিল্লীৰ নিজামুদ্দিনৰ মছজিদত থকা কাৰ্যালয়ৰ পৰা দেশৰ বিভিন্ন প্ৰন্তৰ গোড়া ইছলামধৰ্মী লোকসকলক আল্লাৰ বাণী প্ৰচাৰৰ বাবে আৰু উদাৰপন্থী ইছলামৰ বিৰুদ্ধে কঠোৰপন্থী নীতি-নিয়ম মানি চলাৰ প্ৰশিক্ষণ প্ৰদান কৰে আৰু এই প্ৰশিক্ষিত লোকসকলক দেশৰ বিভিন্ন প্ৰান্তলৈ ধৰ্ম প্ৰচাৰৰ বাবে প্ৰেৰণ কৰে । এনেদৰে প্ৰশিক্ষণপ্ৰাপ্ত লোকসকলে মৌলানা মুফ্তি আদি পৰিচয়েৰে দেশৰ মছজিদে মছজিদে গৈ দিনত তিনিবাৰ নামাজ পঢ়া, কোৰানাৰ নীতি-নিয়ম মানি চলা আদি গোড়া ধৰ্মীয় প্ৰচাৰ কৰে ।
তাৎপৰ্যপূৰ্ণ যে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত অনুষ্ঠিত ইস্তেমাসমূহো এই তবলিগী জামাতৰ উদ্যোগতে অনুষ্ঠিত হৈ আহিছে । আনহাতে, সম্পূৰ্ণ ধৰ্মীয় শিক্ষাৰ বাবে প্ৰতিষ্ঠিত মাদ্ৰাছাসমূহত শিক্ষিত লোকসকলকহে তবলিগী জামাতত গুৰুত্ব প্ৰদান কৰা হয় । এই অনুষ্ঠানটোত ধৰ্মীয় গোড়ামিক ইমানেই গুৰুত্ব দিয়া হয় যে এখন থালত একেলগে ৬ জন লোকে আহাৰ গ্ৰহণ কৰি সেই থাল চেলেকি চাফা কৰাৰ পৰম্পৰা এতিয়াও অব্যাহত আছ । আনহাতে প্ৰশিক্ষণৰ সময়ত নিজামুদ্দিন মাৰ্কাজত এখেটা কোঠাতেই সহস্ৰাধিক লোকক একেলগে থাকিবলৈ দিয়া হয় ।
এতিয়া ক’ৰোনা সংক্ৰমণৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে তবলিগী জামাতৰ সময়ত নিজামুদ্দিন মাৰ্কাজত অব্যাহত থকা এনে বিষয়সমূহো পোহৰলৈ আহিছে, যিবোৰ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে অতি ভয়াৱহ বুলি প্ৰমাণিত হৈছে । যিসময়ত সামাজিক দূৰত্বৰ কথা বাৰে বাৰে স্বাস্থ্য বিভাগে ঘোষণা কৰি আহিছে, সেই সময়ত ধৰ্মীয় গোড়ামিৰ নামত এখন থালতে ৬ জন লোকে আহাৰ গ্ৰহণ কৰা সহস্ৰাধিক লোক একেটা কোঠাত বাস কৰা বিষয়সমূহ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে কিমান ভয়াৱহ হ’ব পাৰে, সেয়া সহজেই অনুমেয় । সেইবাবেই এতিয়া দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ হৈ পৰিছে ভাৰতৰ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ নতুন অভিকেন্দ্ৰ ।