নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ অসমত ক’ৰোনা ভাইৰাছ আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিছতো কাণ্ডজ্ঞানহীন একংশই বাৰে বাৰে সকডাউন ভেঙুচালি কৰা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে বুধবাৰে লকডাউন উলংঘা কৰা দুজন লোকক আটক কৰে। তাৰাবাৰী থানাৰ ভাৰাপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত আটক কৰা লোক দুজন হল গোমা গাঁৱৰ হালেম আলীৰ পুত্ৰ আক্কাছ আলী আৰু বাটগাঁৱৰ নয়াপাৰাৰ দেৱেন্দ্ৰ দাসৰ পুত্ৰ ননি দাস। ধৃত লোক দুজনৰ বিৰুদ্ধে কলতলি বজাৰত মুকলিকৈ মাছ আৰু মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে।
You might also like