নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ সমগ্র বিশ্বতে মহামাৰী ক’ৰোনা ভাইৰাছক ৰোধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে পদক্ষেপ লোৱাৰ এক সপ্তাহ হৈ যোৱাৰ লগতে তাৰ প্ৰতি ৰাইজে সঁহাৰি জনায় নিজৰ নিজৰ ঘৰত কাম বন্ধ কৰি আৱদ্ধ হৈ আছে সকলো । অৱশ্যে সৰ্বসাধাৰণ লোকৰ পানীত হাঁহ নচৰা অৱস্থাও পৰিলক্ষিত হৈছে । উল্লেখ্য যে কামৰূপ জিলাৰ বৰবংশৰ সমবায়ৰ অন্তৰ্গত তথা জালুকবাৰী সমষ্টিৰ আগডলা পঞ্চায়তৰ অন্তৰ্গত গাঁও সমূহত সমবায়ে বৰ্তমান খাদ্য সামগ্রী যোগান নধৰাৰ ফলত দিন হাজিৰা কৰি খোৱা দৰিদ্ৰ লোক সকলৰ মাজত খাদ্যৰ বাবে হাহাকাৰৰ সৃষ্টি হয় । তলাবন্ধৰ বাবে সৃষ্টি হোৱা প্ৰতিকুল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি বৰপলহা গাঁওখনৰ বিশিষ্ট সমাজকৰ্মী তিলক চন্দ্র নাথে তিনি শতাধিক লোকক গাঁও খনৰ বিশিষ্ট লোকৰ দ্বাৰা মালবাহী গাড়ীৰে ঘৰে ঘৰে গৈ পেকেটিং কৰি ৰখা চাউল, দালি, মিঠাতেল,নিমখ, আলু, বিস্কুট, আদি খাদ্য সামগ্রী বিতৰণ কৰে ।
বৰপলহা গাঁৱত বসবাস কৰা অতি দৰিদ্ৰ লোকসকলক সকাহ প্ৰদান কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । লগতে কৰণা সম্পকীয় সজাগতাৰ লগতে ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ লগতে সংকটৰ সময়ত কোনো লোককে আতংকিত নহ’বলৈ আহ্বান জনায় । আজি বিশিষ্ট সমাজকৰ্মী তিলক চন্দ্র নাথে প্ৰায় ষাঠি হাজাৰ টকাৰ ৰেচন সামগ্রী বিতৰণ কৰে । ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাক বুজি সামাজিক ব্যৱধান বৰ্তাই ৰাখি সামগ্রী সমূহ বিতৰণ কৰাত চন্দ্র নাথৰ লগতে সহায় কৰে মনোজ কাকতি, সৰোজ কুমাৰ ডেকা, তৰণী কান্ত শৰ্মা, বসন্ত নাথ, হিমাংশু নাথ প্ৰদীপ কুমাৰ, চন্দন চৌধুৰী, দিনেশ নাথ, হেমচন্দ্র মেধি, কনক চৌধুৰী আৰু বাসু নাথে ।