নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰা অসামৰিকত ক’ৰোনাত আক্ৰান্তক চিকিৎসা নকৰে চিকিৎসক-নাৰ্ছে, কিন্তু কিয় ?

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ দুশখন বিছনাযুক্ত গোৱালপাৰা অসমাৰিক চিকিৎসালয়ত কালি চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কভিড-১৯ ৰ সৈতে যুঁজ দিবলৈ চিকিৎসালয়খনত নাই পৰ্যাপ্ত গ্লভছ, মাস্ক, ছেনিটাইজাৰ আৰু সাজ-পোছাক । এই সামগ্ৰীবোৰ যোগান নধৰাৰ বাবে প্ৰতিবাদত নামি পৰে স্বাস্থ্যকৰ্মীসকলে ।

উল্লেখ্য যে ৰাজ্যচৰকাৰে ২৩ মাৰ্চত কভিড-১৯ প্ৰতিৰোধী সামগ্ৰী ক্ৰয়ৰ বাবে ৬৫ লাখ টকা আবণ্টন দিছিল । কিন্তু তাৰ পাছতো গোৱালপাৰা স্বাস্থ্য বিভাগে কোনো সামগ্ৰী ক্ৰয় নকৰাৰ অভিযোগ তুলিছে স্বাস্থ্যকৰ্মীসকলে ।

লক্ষণীয়ভাৱে কভিড-১৯ ত আখ্ৰান্ত ৩ গৰাকী লোকক এই চিকিৎসালয়তে ৰখা হৈছে । কিন্তু পৰ্যাপ্ত সুবিধা নথকাত এতিয়া চিকিৎসা কৰিবপৰা তেওঁলোকক ।

যাৰ বাবে প্ৰতিবাদী চিকিৎসক -নাৰ্ছসকলে যেতিয়ালৈকে কভিড-১৯ প্ৰতিৰোধী সামগ্ৰী যোগান নাপায়,তেতিয়ালৈকে তেওঁলোকে ৰোগীকেইজনক সেৱা আগ নবঢ়ায় বুলি স্পষ্ট কৰিছে ।

You might also like