নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱৰ পাকিস্তান কানেকচন : ইয়াতেই শেষ নহয়, আছে Chapter-2

কেইটামান দিন পূৰ্বে সংবাদ মেলযোগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ উন্মোচন কৰাৰ দাবী কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুনৰ এই বিষয়ক লৈ বিস্ফোৰক মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ মতে, গৌৰৱ গগৈৰ কথিত পাকিস্তান সংযোগৰ “দ্বিতীয় অধ্যায়”ও আছে আৰু সেই অধ্যায়ৰ তথ্য অধিক গুৰুত্বপূৰ্ণ।

মুখ্যমন্ত্ৰীয়ে কয় যে গগৈৰ পাকিস্তান সংযোগ এতিয়াও শেষ হোৱা নাই। “মই যিখিনি ৰাজহুৱা কৰিলোঁ, তাৰ উপৰি আৰু এটা অধ্যায় আছে। গৌৰৱ গগৈৰ পাকিস্তান কানেকচনৰ দ্বিতীয়খন কিতাপো আছে,” বুলি মন্তব্য কৰে তেওঁ। অৱশ্যে পদৰ গোপনীয়তাৰ শপত থকা বাবে সকলো তথ্য ৰাজহুৱা কৰিব নোৱাৰোঁ বুলিও উল্লেখ কৰে।

মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি, গগৈয়ে পাকিস্তানত থকা ১০ দিনৰ সময়ছোৱাত কি কৰিছিল, ক’ত আছিল—তাৰ ভিডিঅ’ তথ্যও থকা বুলি তেওঁ উল্লেখ কৰে। “সেই তথ্য কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আমাৰ পৰা লাভ কৰিব। এই অধ্যায় ইয়াতেই শেষ হোৱা নাই, আগলৈ বহুত ঘটনা ঘটিব পাৰে,” বুলি কয় মুখ্যমন্ত্ৰীয়ে।

ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী

You might also like