নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিভিয়াত সামৰিক কাৰ্গ’ বিমান দুৰ্ঘটনাগ্ৰস্ত, কমেও ১৫জন নিহত

বলিভিয়াৰ পশ্চিমাঞ্চলীয় চহৰ El Altoত বলিভিয়ান বায়ুসেনাৰ এখন কাৰ্গ’ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ১৫জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি দেশখনৰ কৰ্তৃপক্ষই জনাইছে।

শুকুৰবাৰে স্থানীয় সময় অনুসাৰে সন্ধিয়া ৬:১৫ বজাত Santa Cruz চহৰৰ পৰা এল অল্টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহি থকা সময়ত এই দুৰ্ঘটনা সংঘটিত হয় বুলি বিমান চলাচল বিষয়াসকলে জনাইছে। কোৱা হৈছে যে বিমানখন ৰানৱে’ৰ পৰা সৰি গৈ ওচৰৰ কেইবাখনো বাহনত খুন্দিয়ায়।

পাছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰে যে দুৰ্ঘটনাত জড়িত বিমানখন তেওঁলোকৰ C-130 Hercules আৰু ই বলিভিয়াৰ কেন্দ্ৰীয় বেংকলৈ টকা কঢ়িয়াই আনিছিল। কিমানজন লোক বিমানত আছিল বা হতাহতৰ সঠিক সংখ্যা কিমান সেয়া জনোৱা হোৱা নাই।

ছিটিকি পৰা নোট ল’বলৈ চেষ্টা কৰা লোকক ছত্রভংগ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে। ভিডিঅ’ ফুটেজত বিমানখন মাটিত পৰি থকাৰ লগতে বহু বাহন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। আন ভিডিঅ’ত আৰক্ষীসকল ঢাল ধৰি শাৰী পাতি থকাৰ দৃশ্য আৰু কিছুমানে শিল নিক্ষেপ কৰা দৃশ্যও দেখা গৈছে।

বলিভিয়াৰ ৰাষ্ট্ৰীয় সাংবাদিক সন্থাই প্ৰকাশ কৰা বিবৃতিত কয় যে, দুৰ্ঘটনাৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীক টকা লুটিবলৈ চেষ্টা কৰা কিছুমানে আক্ৰমণ কৰিছিল। এখন মোবাইল টিভি ইউনিটক লক্ষ্য কৰি আক্ৰমণ কৰাৰ লগতে আন সাংবাদিকসকলক শিল নিক্ষেপ কৰি গুৰুতৰভাৱে আহত কৰা হৈছিল বুলি সন্থাই জনায়।

চৰকাৰী সংবাদ সংস্থাই জনোৱা মতে, টকা লুট কৰাৰ অভিযোগত কমেও ডজনসংখ্যক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। দুৰ্ঘটনাস্থলীত বলিভিয়ান নোট ছিটিকি পৰি থকা দেখা গৈছিল।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, “এই দুৰ্ঘটনাৰ সৈতে জড়িত বিমানখনৰ পৰা টকা ল’বলৈ চেষ্টা কৰাসকলক স্পষ্টকৈ জনাব বিচাৰো যে এই নোটসমূহৰ কোনো বৈধ মূল্য নাই, কিয়নো এইবোৰ কেন্দ্ৰীয় বেংকৰ দ্বাৰা জাৰি কৰা হোৱা নাই আৰু ইয়াত ছিৰিয়েল নম্বৰো নাই। এই টকা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাটো এটা অপৰাধ।”

বলিভিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, এই দুৰ্ঘটনাত ৩১জন লোক আহত হৈছে আৰু তেজ দান কৰিবলৈ জৰুৰী আহ্বান জনোৱা হৈছে। দুৰ্ঘটনাৰ পিছত এল অল্টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰা হয়।

দুৰ্ঘটনাৰ সঠিক কাৰণ তৎক্ষণাৎ স্পষ্ট হোৱা নাই। প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনাৰ সময়ত প্ৰচণ্ড শিলাবৃষ্টি আৰু বিজুলী-ঢেৰেকনি হৈছিল। ঘটনাটোৰ তদন্ত অব্যাহত আছে।

ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী

You might also like