নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিকূল বতৰ : টেলিফোনযোগে গোলকগঞ্জবাসীক সম্বোধন মুখ্যমন্ত্ৰীৰ

ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ ঢেপঢেপী শংকৰদেৱ শিশু নিকেতনৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প সভা অনুষ্ঠিত কৰে। উক্ত সভাত গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ হৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ কথা আছিল।

ৰাতিপুৱাৰে পৰা ধাৰাষাৰ বৰষুণৰ ফলত হেলিকপ্টাৰেৰে উপস্থিত হব নোৱাৰাত মুখ্যমন্ত্ৰীৰ সভা বাতিল কৰে। ইপিনে বৰষুণৰ মাজতো মুখ্যমন্ত্ৰীক এবাৰ কাষৰ পৰা চোৱাৰ বাবে কেইবাহাজাৰ পুৰুষ মহিলা উপস্থিত থাকে সভাস্থলীত।

অৱশেষত মুখ্যমন্ত্ৰীয়ে টেলিফোনযোগে গোলকগঞ্জবাসী ৰাইজক সম্বোধন কৰি কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী গোলকগঞ্জত অহাৰ সম্ভাৱনা আছে। লগতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গোলকগঞ্জ বিধানসভা সমষ্টিত আহিব বুলি জানিবলৈ দিয়ে।

এইবাৰ অসমত বিজেপি চৰকাৰ আৰু গোলকগঞ্জত বিজেপিৰ বিধায়ক হলে দূৰ্নীতি নোহোৱাকৈ দুই লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব। মহিলা উদ্যমিতা আঁচনিৰ টকা ১০ হাজাৰৰ পৰা বৃদ্ধি কৰি ২৫ হাজাৰকৈ প্ৰদান কৰিব। গোলকগঞ্জৰ বিজেপি প্ৰাৰ্থী সৰকাৰ জয়লাভ কৰিলে নতুনকৈ ১০ হাজাৰ আই মাতৃৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হব।

দাইল, চেনি, নিমখৰ লগতে মিঠাতেলো দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। এইবাৰ চৰকাৰ গঠন কৰিলে দুখীয়া ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ খৰচ সম্পুৰ্ণ ভাবে চৰকাৰে প্ৰদান কৰিব। গোলকগঞ্জত আহিব নোৱাৰি দুখ প্ৰকাশ কৰি নিৰ্বাচনত পিছত ৰাস্তা পকীকৰণৰ লগতে গংগাধৰ নৈৰ ওপৰৰ দলং, উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে উক্ত সভাত ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত দাস, প্ৰাক্তন বিধায়ক বলেন মুছাহাৰী, যুৱ নেতা সজল সিঙকে ধৰি কেবাজনো জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা উপস্থিত থাকে।

ডিজিটেল ডেস্ক, ২৮ মাৰ্চ

You might also like