নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ক’ভিড-১৯ ৰ ফলত উদ্ভৱ হোৱা সাম্প্ৰতিক বিত্তীয় পৰিস্থিতিক লৈ সাংঘাতিক ধৰণে উদ্বিগ্ন ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । সোমবাৰে গুৱাহাটীত এখন সংবাদমেলত মন্ত্ৰী ড০ শৰ্মাই কয় যে বিত্তীয় দিশটো উদ্বিগ্নতাৰ বিষয় । অহা দীপাৱলী পৰ্যন্ত ক’ভিড-১৯ৰ ভেকচিন নোলোৱালৈকে এনেদৰে চলিব লগা হ’লে সাংঘাতিক প্ৰভাৱ পৰিব । লকডাউন নাথাকিলেও মানুহৰ চলা-ফিৰা নিয়ন্ত্ৰিত থাকিলে , ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিলে আৰ্থিক সংকটৰ মাজত দিন পাৰ কৰিব লাগিব । নিবনুৱাৰ কথা বাদেই চাকৰিয়ালেও সংস্থাপন হেৰুওৱাৰ আশংকা ব্যক্ত কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে এনে পৰিস্থিতি অব্যাহত থাকিলে ব্যক্তিগত খণ্ডৰ বহুতকে চাকৰিৰ পৰা এৰি দিব । এই সময়ছোৱাত বহুতকে হয়তো ৭৫ শতাংশ, ৫০ শতাংশ দৰমহা দিব । ফলত চাকৰিয়াল সকলৰো ক্ৰয় ক্ষমতা কমি যাব । আনকি সমগ্ৰ দেশৰ প্ৰেক্ষাপটতে সমীক্ষাত কোৱা হৈছে যে দেশত ৫২ শতাংশ লোক সংস্থাপনহীন হ’ব ।