নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপত দেখা দিয়া ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ হেতু ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট শিতানলৈ বিভিন্ন জনে বিভিন্ন প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াইছে । ই দেশ আৰু জাতিৰ বাবে শুভ লক্ষণ । ঠিক তেনেদৰে আমাৰ ৰাজ্য খনতো চৰকাৰ তথা প্রশাসনে ক’ৰোনা মহামাৰীৰ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ফলপ্ৰসু আঁচনি হাতত লৈছে । বিশেষকৈ অসমৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত যি তৎপৰতা প্রদর্শন কৰিছে সেয়া সঁচা অর্থত শলাগিবলগীয়া । লগতে অসম চৰকাৰে অসমীয়া ৰাইজক এই মহামাৰী প্রতিৰোধৰ ক্ষেত্ৰত যি যেনেকৈ পাৰে ঠিক তেনেকৈ মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছিল । এই আহ্বানৰ প্রতি সঁহাৰি জনায় বিভিন্ন জনে বিভিন্ন প্ৰকাৰে এই মহামাৰী ৰোধৰ হেতু মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়াইছে । ঠিক তেনেকৈ কামৰূপ জিলাৰ বেজেৰাত ১২ গৰাকী মহিলাৰে ২০১৮ চনত গঠিত হোৱা “বৰ্ণালী আত্ম সহায়ক গোট “টিয়ে আজি মুখ্যমন্ত্ৰীৰ “অসম আৰোগ্য নিধি”লৈ ক’ৰোনা মহামাৰী প্রতিৰোধৰ হেতু দহ হেজাৰ টকা বেজেৰা স্থিতি ইউকো বেংকৰ জৰিয়তে বৰঙণি আগবঢ়াই । বেজেৰা অঞ্চলত ইতিমধ্যে এই আত্ম সহায়ক গোটটিয়ে বিভিন্ন সময়ত সমাজৰ কল্যাণৰ হেতু বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে । এই “বর্ণালী আত্ম সহায়ক গোট”ৰ জড়িয়তে বৰ্তমান সময়ত ৰাজ্য চৰকাৰলৈ যি সহায়ৰ হাত আগবঢ়ালে তাৰ বাবে আত্ম সহায়ক গোটটিৰ সমূহ সদস্যাক এই অঞ্চলটোৰ লোকসকলে ভূয়সী প্ৰশংসা কৰিছে ।