নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংহাৰি ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কৰ্মচাৰী সকলক কমেও পাঁচটাকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোকক সহায়ৰ হাত প্ৰসাৰিত কৰি লকডাউনৰ এই সময়ছোৱাত তেনে পৰিয়াল সমূহক সকাহ দিবলৈ আহ্বান জনোৱাৰ পিছতেই কামৰূপ জিলাৰ বেজেৰা সমীপৰ কমলপুৰ সমষ্টিৰ এগৰাকী চৰকাৰী কৰ্মচাৰী আৰু তেওঁৰ দুগৰাকী পুত্র ওলাই অহা পৰিলক্ষিত হয় । বৰহাজাৰা গাঁৱৰ নিবাসী অসম শক্তি বিতৰণ নিগমৰ কৰ্মচাৰী হৰেশ্বৰ ডেকা পৰিয়ালৰ লগতে তেখেতৰ যুৱ সমাজকৰ্মী পুত্রই দেবজিৎ ডেকা আৰু শক্তি বিভাগৰ কৰ্মচাৰী কৈলাশ ডেকাই বৰহাজাৰা গাঁৱৰ প্ৰায় ১৫০ ঘৰ দৰিদ্ৰ পৰিয়ালক নিত্য ব্যৱহার্য খাদ্য সামগ্রী কিছু পৰিমাণে যোগান ধৰে । তেওঁলোকৰ প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰাৰ লগতে সকলো চৰকাৰী কৰ্মচাৰী ওলাই অহাৰ আহ্বান জনায় পৰিয়ালটোৱে ।