পৰিস্থিতি স্বাভাৱিক হ’লেহে বিহু উদযাপন কৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ কৰ’ণাত বিধ্বস্ত হৈছে বিশ্ব। অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’ণা ভাইৰাছে। এনে সময়ত উৎসৱ পাৰ্বনত অধিক গুৰুত্ব নিদিবলৈ আহ্বান চৰকাৰৰ। এই সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে খ্ৰীষ্টানধৰ্মালম্বী লোকসকলৰ গুড ফ্ৰাই ডে, বিহু বাসন্তী পূজা আদি উৎসৱ আহি আছে গতিকে এই ক্ষেত্ৰত সকলোৱে সাৱধানতা অবলম্বন কৰা উচিত, সামাজিক দুৰত্ব যিহেতু এই ক্ষেত্ৰত মানি চলা সম্ভৱ নহয় গতিকে ঘৰতেই গুড ফ্ৰাইডে বা অন্য আৰাধনা কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। তেওঁ লগতে কয় যে এইবাৰ বিহুও উদযাপন কৰিব নোৱাৰিব। বিহুৰ দিনা সমিতি সমূহৰ প্ৰায় ৫জনমান লোকে পতাকা উত্তোলন কৰিয়েই কাৰ্যসূচী সমাপ্ত কৰিব লাগিব। পৰিস্থিতি স্বাভাৱিক হ’লেহে বিহু ফাংচন সমূহ অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।