ৰাজ্যৰ ক’ৰোনাত আক্ৰান্ত ২৮ জন ৰোগীৰ ভিতৰত ৫ জনৰ শেহতীয়া ফলাফল নিগেটিভ
নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ ক’ৰোনাত আক্ৰান্ত মনীষ তিব্ৰিৱালৰো শেহতীয়া ফলাফল নিগেটিভ। কিন্তু ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি ১৪ দিনৰ মনীষ তিব্ৰিৱাল জিমচিএইচতে থাকিব লাগিব যাৰ বাবে অহা ১৬ এপ্ৰিলতে তেওঁক জিমচিএইচৰ পৰা মুক্তি দিয়া হ’ব।
আনহাতে গোলাঘাটত অসমাৰিক চিকিৎসালয়ৰ তিনিজন ৰোগী আৰু মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ এজন ৰোগীৰো ফলাফল পজিটিভিৰ পৰা নিগেটিভ হৈছে। এই সকলকো
চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হ’ব ১৪ দিনৰ পিছতহে। এই কথা জনাইছে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।