ডিজিটেল ডেস্ক, ৫ জুন : সকলো ঋতুতেই যাতে লাডাখলৈ যাতায়াত কৰিব পৰা যায়, তাক সুনিশ্চিত কৰিবলৈ পুনৰ তৎপৰ হ’ল কেন্দ্র৷ কৌশলগত দিশৰ পৰা গুৰুত্বপূর্ণ ফোটু–লা পাছত নতুন এটা সুৰংগ নির্মাণৰ বাবে ইতিমধ্যে প্রস্তুতি চলাইছে পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ে৷
১ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ পৰা হ’ব সেই সুৰংগ৷ সেইটো নির্মাণ হৈ উঠিলে কাশ্মীৰৰ সৈতে লাডাখৰ যোগাযোগ আৰু অধিক সহজ হ’ব৷ মে’ মাহত ফোটু–লা সুৰংগৰ বাবে ধনৰ আবণ্টন দিছে কেন্দ্রীয় চৰকাৰে৷ ফোটু–লা আৰু যোজিলা সুৰংগ নির্মাণত ব্যয় হ’ব ৭ হাজাৰ কোটি টকা৷ অহা সপ্তাহত যোজিলা সুৰংগৰ নির্মাণ প্রায় সমাপ্ত হ’ব৷ অহা ৯ জুনত সেইবাবে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী উপস্থিত থকাৰ কথা৷ অৱশ্যে এতিয়াই সুৰংগটোৰে যাতায়াত সম্ভৱ নহ’ব৷ তথাপি ১১৩.১৫ কিলোমিটাৰ দীঘল এই সুৰংগটোৰ কাম বহুখিনি আগবাঢ়ি থাকিব৷ ২০২৮ চনত এছিয়াৰ দীর্ঘতম এই সুৰংগটোৰে গাড়ী অহা–যোৱা কৰিব পাৰিব৷ যোজিলা আৰু ফোটু–লা সুৰংগ আৰম্ভ হৈ গ’লে গোটেই বছৰজুৰি কাশ্মীৰৰ পৰা লাডাখলৈ যাতায়াত কৰিব পৰা যাব৷ শীতকালত তুষাৰপাতৰ সমস্যায়ো বাধাৰ সৃষ্টি কৰিব নোৱাৰিব৷
কেৱল ফোটু–লা সুৰংগৰ বাবে আবণ্টন কৰা হৈছে ৮২৪.১২ কোটি টকা৷ প্রকল্পটো শেষ হ’বলৈ সময় লাগিব ৩ বছৰ৷ শ্রীনগৰ–কার্গিল–লেহ পথৰ সর্বোচ্চ অংশত গঢ়ি উঠিছে এই সুৰংগ৷ উচ্চতা প্রায় ৪,১০৮ মিটাৰ৷ শ্রীনগৰত কার্গিল আৰু লেহৰ সৈতে সংযোগ কৰিব এই সুৰংগই৷ এই পথছোৱাৰ আটাইতকৈ কঠিন অংশতে নির্মাণ হৈছে সুৰংগটো, যাৰ নির্মাণ তেনেই সহজ নহয়৷ বছৰটোৰ বেছিভাগ সময়ে এই অঞ্চলটো বৰফেৰে ঢাক খাই থাকে৷ শীতকালত তাত ৫ৰ পৰা ১০ ফুট পর্যন্ত বৰফ পৰে৷ সেইবাবে পথেৰে গাড়ী চলাচল কৰাটো বিপজ্জনক হৈ পৰে৷ সকলো সময়তে বৰফ চাফা কৰাৰ বাবে লোক নিয়োগ কৰিব লগা হয়৷ তদুপৰি ইমান উচ্চতাত পাহাৰৰ কেঁকুৰিসমূহো অত্যন্ত বিপজ্জনক৷ পাহাৰৰ মাজেৰে সুৰংগ নির্মাণ হ’লে এই ধৰণৰ সমস্যা আঁতৰিব বুলি ধাৰণা কৰিছে পথ পৰিবহণ বিভাগৰ বিষয়াসকলে৷ লেহৰ পৰা কার্গিললৈ যোৱা দূৰত্বও বহুখিনি হ্রাস পাব৷ সেনা, সামৰিক সৰঞ্জাম, ইন্ধন সহজেই গৈ পাব লাডাখ৷