ডিজিটেল ডেস্ক, গোসাঁইগাঁও, ৫ জুন : গোসাঁইগাঁৱৰ কচুগাঁও অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শ্ৰেণী কাৰ্য চলি থকা অৱস্থাতে হঠাতে অসুস্থ হৈ ঢলি পৰি মৃত্যুক সাবটি লয় এগৰাকী সহকাৰী শিক্ষকে।
জানিব পৰা মতে, কচুগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত পদুমপুখুৰী এল পি স্কুলৰ সহকাৰী শিক্ষক জনাথন হেমব্ৰমে শ্ৰেণী পাঠদান কৰি থকা সময়তে হঠাতে অসুস্থ হৈ ঢলি পৰে। লগে লগে বিদ্যালয় কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলে তেওঁক সহায়ৰ ব্যৱস্থা কৰে যদিও শ্ৰেণীকোঠাতে তেওঁৰ মৃত্যু ঘটে।
মৃত শিক্ষকজন শ্ৰীৰামপুৰ চকলেপাৰাৰ বাসিন্দা জনাথন হেমব্ৰম বুলি জানিব পৰা গৈছে। তেওঁৰ আকস্মিক মৃত্যুত বিদ্যালয়খনৰ লগতে অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।