নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত অঘটন, খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু 

ডিজিটেল ডেস্ক, জোনাই, ৫ জুন : বিশ্ব পৰিৱেশ দিৱসৰ দিনাই জোনাইত অঘটন। জোনাইত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ এটা বন্যহস্তীৰ মৃত্যুৰ খবৰে সৃষ্টি কৰিছে চাঞ্চল্য । খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা এটা বন্যহস্তীয়ে শুকুৰবাৰে পুৱতি নিশা কৰুণ মৃত্যুক আঁকোৱালি লয়।

জানিব  পৰা মতে, পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায়  ৬০ বছৰীয়া এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে লুহিজানত পূৰ্বেশ্বৰ কছাৰীৰ ভঁৰালৰ ধান খাবলৈ লওঁতে গৃহস্থই লগাই ৰখা বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যুক সাবটি লয় । গৃহস্থই জানিবলৈ দিয়া মতে, আজি পুৱতি নিশা প্ৰায় ২ বজাত ভঁৰালৰ কাষত এটা শব্দ হয়। লগে লগে গৃহস্থই ওলাই দেখে এটা প্ৰকাণ্ড হাতী বিদ্যুতৰ তাঁৰত লাগি মৃত্যুক আঁকোৱালি লয়। লগে লগে বন বিভাগক খবৰ দিয়ে  স্থানীয় ৰাইজে।

উল্লেখ্য যে পবা বনাঞ্চলৰ নিকটৱৰ্তী লুহিজান, লুহিতপুৰ ৰাকুট কেমেৰে বগী নদীত হাতীৰ জাকে প্ৰায়ে তাণ্ডৱ চলাই আহিছিল। বিশেষকৈ খাদ্যৰ সন্ধানত আগমন ঘটে বন্যহস্তীৰ । সুৰক্ষাৰ বাবে ভঁৰালত বিদ্যুতৰ এটা বাল্বত সংযোগ কৰা হৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ আৰু তাৰ পৰিণতিত এই কৰুণ ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ, আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু পশু চিকিৎসকৰ দলে উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা গৈছে।

You might also like