নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ দিন পিছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰপা

ডিজিটেল ডেস্ক, ৭ জুন : মাউণ্ট এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা মৃত্যু জয় কৰি জীৱন্তে ঘূৰি আহিল এজন শ্বেৰপা৷ পাঁচ দিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু হোৱা বুলি ধৰি লৈ অন্ত্যেষ্টিক্রিয়াৰ নীতি–নিয়ম পর্যন্ত আৰম্ভ কৰিছিল৷ কিন্তু সকলোকে হতচকিত কৰি বৃহস্পতিবাৰে ৫২ বছৰীয়া হিলাৰী ডাৱা শ্বেৰপাক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা হয়৷

এভাৰেষ্ট প্রদূষণ নিয়ন্ত্রণ কমিটীৰ এটা দলে তেওঁক উদ্ধাৰ কৰি নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ লৈ আহে৷ ৩০ মে’ৰ পৰা সন্ধানহীন হৈ থকা শ্বেৰপাগৰাকীক উদ্ধাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিশ্বৰ পর্বতাৰোহণ মহলত আলোড়নৰ সৃষ্টি হৈছে৷ বর্তমান তেওঁ ফ্রষ্টবাইট ৰোগত আক্রান্ত হৈ কাঠমাণ্ডুৰ হামছত চিকিৎসাধীন হৈ আছে৷

কোনো খাদ্য আৰু অতিৰিক্ত অক্সিজেন অবিহনে মাইনাছ ডিগ্রী উষ্ণতাত প্রচণ্ড তুষাৰ ধুমুহাৰ মাজত অকলে হিলাৰী ডাৱা শ্বেৰপাই কেনেকৈ পাঁচ দিন নিজকে বচাই ৰাখিলে, সেয়া এতিয়া আটাইতকৈ চর্চাৰ বিষয় হৈ পৰিছে৷

You might also like