নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আৰম্ভ হ’ল বিশ্ব মহাৰণ

বাজি উঠিছে ৰণ–দুন্দুভি৷ অন্ত পৰিল সুদীর্ঘ চাৰি বছৰৰ অধীৰ অপেক্ষাৰ৷ আৰম্ভ হ’ল বিশ্বকাপ ফুটবলৰ মহাৰণ৷ এতিয়া আৰু অধিক বৃদ্ধি পাইছে সমগ্র বিশ্বৰ অগণন ক্রীড়ানুৰাগীৰ উৎকণ্ঠা আৰু উদ্বিগ্ণতা৷ প্রতিনিশাই প্রিয় তাৰকাসকলৰ দুভৰিৰ যাদু উপভোগ কৰিবলৈ উদগ্রীৱ হৈ থকা বিশ্বৰ ফুটবল অনুৰাগীসকলৰ মাজত আৰম্ভ হৈছে গুণা–গঁঠা– কোনে মাৰিব শেষ হাঁহি?৷

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ইতিহাসত এইবাৰ বিশ্বৰ সর্বাধিক দেশে অংশগ্রহণ কৰিছে৷ ইতিপূর্বে ৩২খন দেশে অংশগ্রহণ কৰাৰ বিপৰীতে এইবাৰ ৪৮খন দেশে অংশগ্রহণ কৰিছে৷ পৃথিৱীৰ সর্ববৃহৎ এই ক্রীড়া প্রতিযোগিতাখন এইবাৰ যৌথভাৱে আয়োজন কৰিছে আমেৰিকা, কানাডা আৰু মেক্সিকোৱে৷ তিনিওখন দেশৰে প্রতীক ক্রমে কানাডাৰ মেপেল, মেক্সিকোৰ জায়ু আৰু আমেৰিকাৰ ক্লাছেৰে উজলিছে ২০২৬ বিশ্বকাপ ফুটবলৰ প্রতীক৷

উদ্বোধনী খেলখন আয়োজক দেশ মেক্সিকো আৰু দক্ষিণ আফ্রিকাৰ মাজত৷ উদ্বোধনী মেচ মেক্সিকো চিটীৰ আজটেকা ষ্টেডিয়ামত৷ ১৯৩০ চনত আৰম্ভ হোৱা এই ফুটবল প্রতিযোগিতাখন বিশ্বৰ এখন শীর্ষ পর্যায়ৰ প্রতিযোগিতা৷ এইবাৰ তিনিওখন আয়োজক দেশৰ মুঠ ১৬খন ষ্টেডিয়ামত প্রতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ’ব৷

১৯ জুলাইত এই মহাৰণৰ বিজয়ী চেম্পিয়ন কোন হ’ব সেয়া নির্ণিত হ’ব নিউয়র্কৰ মের্ব লাইফ ষ্টেডিয়ামত৷ এইবাৰৰ বিশ্বকাপৰ বিজয়ীৰ প্রাইজমানীৰ অংকই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ কাটাৰত মুঠ প্রাইজমানীৰ পৰিমাণ ৪৪০ মিলিয়ন ডলাৰৰ (ভাৰতীয় মুদ্রাৰ হিচাপত ৪১,৯৪,৬৬,৯৬,০০০ টকাৰ বিপৰীতে এইবাৰ এই পৰিমাণ বৃদ্ধি কৰা হৈছে ৬৫৫ মিলিয়ন ডলাৰলৈ) ভাৰতীয় মুদ্রাৰ হিচাপত ৬৩,৪০,৯০,৪৬,৭৫০ টকা৷

চেম্পিয়ন দলটোৱে লাভ কৰিব প্রায় ৫০ মিলিয়ন মার্কিন ডলাৰ (ভাৰতীয় মুদ্রাৰ হিচাপত ৪৭৬.৯০ কোটি টকা)৷ ৰানার্ছআপ দলটোৱে লাভ কৰিব প্রায় ৩০ মিলিয়ন ডলাৰ৷ তেনেদৰে তৃতীয় আৰু চতুর্থ স্থান লাভ কৰা দল দুটাই লাভ কৰিব ক্রমে ২৯ আৰু ২৭ মিলিয়ন ডলাৰকৈ৷ মুঠ ৬,১৭৫ গ্রাম ওজনৰ ১৮ কেৰেট সোণেৰে নির্মিত বিশ্বকাপৰ ড্রফীটোৰ উচ্চতা ৩৭ চেণ্টিমিটাৰ আৰু ব্যাস ১৩ চেণ্টিমিটাৰ৷

দুজনে মূৰৰ ওপৰত পৃথিৱীখনক তুলি ধৰা ৰূপত নির্মিত এই ড্রফীটোৰ ডিজাইন কৰিছিল ইটালীৰ শিল্পী ছিলভি’ গাজানিগাই৷ ১৯৭০ চনত ফেডাৰেচন ইণ্টাৰনেচনেল ডে ফুটবল এছ’চিয়েচন চমুকৈ ফিফাই নতুন এটা ড্রফীৰ বাবে নক্সাৰ প্রতিযোগিতাৰ আয়োজন কৰি গাজানিগাৰ নক্সাখনক বাছনি কৰে৷ ইয়াৰ পূর্বে এই বিশ্বকাপৰ বিজয়ীসকলক দিয়া হৈছিল জুলে ৰিমে ট্ৰফী৷

কিন্তু ১৯৭০ চনত ব্রাজিলে তৃতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰিবলৈ সক্ষম হোৱাত এই ট্ৰফীটো স্থায়ীভাৱে সেই দেশখনৰ হাতলৈ যায়৷ এইবাৰ এই সোণালী ট্ৰফীটো কাৰ হাতলৈ যায় তাক লৈ উৎকণ্ঠাৰে বাট চাই আছে বিশ্বকাপৰ অগণন অনুৰাগীয়ে৷

পিছে ইতিপূর্বে ১৯৩৪, ১৯৩৮, ১৯৮২ আৰু ২০০৬ৰ বিশ্বকাপ বিজয়ী ইটালী দলটোৱে এইবাৰ বিশ্বকাপ খেলাৰ যোগ্যতাই অর্জন কৰিব নোৱাৰিলে৷ তদুপৰি, লক্ষণীয়ভাৱে এইবাৰৰ বিশ্বকাপত অন্তিমবাৰৰ বাবে পদার্পণ কৰিব বিশ্বৰ বহুকেইগৰাকী কিংবদন্তি ফুটবলাৰে৷

আর্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছি, পর্তুগালৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো, ক্র’ৱেছিয়াৰ লুকা মাদ্রিছ, বছনীয়া আৰু হার্জেগ’ভিনাৰ এবিন জেকো, মেক্সিকোৰ গ’লৰক্ষক গিয়েৰমো অছোৱা, মিছৰীয় ফুটবলৰ তাৰকা তথা লিভাৰপুলৰ ছুপাৰষ্টাৰ মহম্মদ ছালাহ, ব্রাজিলৰ নেইমাৰ জুনিয়ৰ, আর্জেণ্টিনাৰ নিকোলাছ অ’টামেণ্ডি, ব্রাজিলৰ মিডফিল্ডাৰ কার্লো আনছেলোট্টি, নেদাৰলেণ্ডছৰ ভার্জিল ভান ডায়িক, কলম্বিয়াৰ অধিনায়ক জেমছ ৰড্রিগেজ, দক্ষিণ কোৰিয়াৰ ছন হিয়ুং মিয়ঙে এইবাৰৰ বিশ্বকাপ খেলাৰ পিছতে অৱসৰ লোৱাৰ সম্ভাৱনা আছে৷

গতিকে, এইসকল তাৰকা ফুটবলাৰৰ দুভৰিৰ যাদু উপভোগ কৰাৰ বাবে এইবাৰৰ বিশ্বকাপ অন্তিম সুযোগ হ’ব পাৰে৷ তদুপৰি, ভাৰতীয়সকলৰ বাবে আন এটা আকর্ষণ হ’ব পাৰে চাৰিগৰাকী ভাৰতীয় বংশোদ্ভৱে নিউজিলেণ্ড, অষ্ট্রেলিয়া, কংগো আৰু কাটাৰক প্রতিনিধিত্ব কৰি দুভৰিৰ যাদু দেখুৱাব৷ ইতিপূর্বে জার্মানীত ফ্রান্সৰ হৈ বিশ্বকাপ খেলিবলৈ খেলপথাৰত নমা বিকাশ ধোৰাছু আছিল বিশ্বৰ শ্রেষ্ঠতম ফুটবল প্রতিযোগিতাখনত একমাত্র ভাৰতৰ চিনাকি৷

কিন্তু এইবাৰ নিউজিলেণ্ডৰ চৰপ্রীত সিং, অষ্ট্রেলিয়াৰ নিশান ভেলুপিল্লাই, কাটাৰৰ তাছিন মহম্মদ হামছিদ আৰু কংগোৰ ছেমুৱেল মুথুস্বামীয়ে বিকাশ ধোৰাছুৰ একাকীত্বক ভংগ কৰিব৷ এইবাৰৰ বিশ্বকাপ ফুটবলত মুঠ ৪৮টা অংশগ্রহণকাৰী দলৰ ভিতৰত মুঠ খেলুৱৈৰ সংখ্যা ১,২৪৮গৰাকী৷

ইয়াৰে ৩৫৭গৰাকী খেলুৱৈয়ে পূর্বতেও বিশ্বকাপ খেলিছে৷ এইবাৰ সর্বাধিক ৪৩ বছৰ ৫ মাহ বয়সত বিশ্বকাপৰ খেলপথাৰত নামিব স্কটলেণ্ডৰ গ’লৰক্ষক ক্রেইগ গর্ডনে৷ আনহাতে, এই বছৰৰ বিশ্বকাপৰ খেলপথাৰৰ মহাৰণত নামিব মেক্সিকোৰ কনিষ্ঠ ফুটবলাৰ গিলবার্টো ম’ৰায়োৱে ১৭ বছৰ ২৪০ দিন বয়সত৷

গিলবার্টোৰ সমবয়সীয়া অর্থাৎ ২০০৮ চনত জন্মলাভ কৰা আন কেইবাগৰাকীও খেলুৱৈ ক্রমে চেক’শ্লোভেকিয়াৰ হগো ছক’ৰেক, জার্মানীৰ লেনার্ট কার্ল, ছেনেগালৰ ইব্রাহিম এমবায়ে, ইজিপ্তৰ হামাজা আব্দেল কৰিম, ছেনেগালৰ বাৰা ছাপ’কে এনডিয়েই এইবাৰৰ বিশ্বকাপত প্রতিভা প্রদর্শনৰ সুযোগ লাভ কৰিছে৷

এইবাৰৰ বিশ্বকাপ খেলাৰ যোগ্যতা অর্জন কৰিছে এখন তেনেই সৰু দেশ কুৰাকাওৱে৷ দেশখনৰ জনসংখ্যা মাত্র এক লাখ ৬০ হাজাৰ৷ বিশ্বকাপ ফুটবল প্রতিযোগিতাত ভাগ ল’বলগীয়া মুঠ ৪৮খন দেশৰ মাজত এই দেশখনো উজলি থাকিব৷

কিন্তু অতি পৰিতাপৰ কথা যে ১৪০ কোটি জনসংখ্যাৰ ভাৰতে এই খেলত অংশগ্রহণৰ বাবে যোগ্যতাই অর্জন কৰিব নোৱাৰিলে৷ ফিফা ৰেংকিং অনুসৰি, ভাৰতৰ স্থান ১৩৬ (১ এপ্রিল, ২০২৬)৷ ভাৰতত ক্রিকেটৰ জনপ্রিয়তা যিমান, তাতকৈ কোনোগুণে কম নহয় ফুটবলৰ জনপ্রিয়তা৷

কিন্তু ভাৰতে ক্রিকেটত যিদৰে কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে, তেনেদৰে ফুটবলত নোহোৱাৰ কথাটো নিশ্চয়কৈ চিন্তনীয়৷ ভাৰতত প্রতিভাৰ অভাৱ নাই৷ গাঁৱে–ভূঞে উপযুক্ত সা–সুবিধা আৰু পথ প্রদর্শনৰ অভাৱত বহুতো প্রতিভাই কলিতে মৰহিযাবলৈ বাধ্য হৈছে৷ কিন্তু সুযোগ–সুবিধাৰ অভাৱৰ লগতে নেতৃত্বৰ সদিচ্ছাৰ অভাৱেই হয়তো ইয়াৰ মুখ্য কাৰণ৷ চৰকাৰে এই দিশতো অলপ মনোযোগ দিবৰ হ’ল৷

You might also like