মধ্যপ্রাচ্যত অব্যাহত থকা ৰক্তক্ষয়ী যুদ্ধৰ প্রভাৱত এতিয়া বজাৰ ছানি ধৰিছে দাম বৃদ্ধিৰ জুয়ে৷ অত্যাৱশ্যকীয় সামগ্রীৰ পৰা শিশুখাদ্য–জীৱনদায়ি ঔষধলৈ হোৰাহোৰে বাঢ়িছে প্রতিবিধ বয়বস্তুৰ দাম৷
ইয়াৰ মাজতে সর্বসাধাৰণ জনতাৰ মূৰত আন এক মাধমাৰ৷ নেচনেল ফার্মাচিউটিকেল প্রাইছিং অথ’ৰিটীৰ অনুমোদনক্রমে কর্কট–গেষ্ট্রিকসহ ৮২বিধ ঔষধৰ দাম বৃদ্ধিৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷
এইক্ষেত্রত যুক্তি হ’ল– চাহিদাৰ তুলনাত যোগান অপর্যাপ্ত৷ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে নেচনেল ফার্মাচিউটিকেল প্রাইছিং অথ’ৰিটীৰ অনুমোদনত প্রয়োজনীয় অনুমতি প্রদান কৰিছে৷
উল্লেখ্য যে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ বিশেষ অনুমতিৰ প্রয়োজন হয়৷ ইতিপূর্বে নেচনেল ফার্মাচিউটিকেল প্রাইছিং অথ’ৰিটীয়ে এই বিষয়ত অনুমোদন জনাইছিল যদিও কেন্দ্রীয় চৰকাৰে অনুমতি দিয়া নাছিল৷
কিন্তু ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দেশৰ বিভিন্ন হাস্পতালত কর্কট ৰোগৰ ঔষধৰ চাহিদা অনুসৰি যোগান পর্যাপ্ত নহয়৷ যাৰ ফলত ৰোগীসকলৰ চিকিৎসাত ব্যাঘাত জন্মিছে৷ বিশেষকৈ কেম’ থেৰাপীৰ ঔষধ পাবলৈ নাই৷ ইয়াৰ পৰিপ্রেক্ষিততে কেন্দ্রীয় চৰকাৰে কর্কট ৰোগৰ ঔষধৰ দাম বৃদ্ধিত অনুমোদন জনাইছে৷
তদুপৰি হাঁওফাঁও, গর্ভাশয়, ব্লাডাৰ, গেষ্ট্র’ইনটেইষ্টাইন আদি ৰোগৰ চিকিৎসাত ব্যৱহূত ছিচিপ্লেটিন–কার্বপ্ল গ্রুপৰ ঔষধৰ চাহিদা অনুপাতে দেশত যোগান পর্যাপ্ত নহয়৷ এনে অৱস্থাত নেচনেল ফার্মাচিউটিকেল প্রাইছিং অথ’ৰিটীৰ অনুমোদনক্রমে দেশত কমেও ৮২বিধ ঔষধৰ দাম বৃদ্ধি হোৱাৰ দিশে আগবাঢ়িছে৷
গুৰুত্বপূর্ণ কথাটো হ’ল যে কেন্দ্রীয় চৰকাৰে অনুমতি দিয়াৰ লগে লগে ২৭টা চিকিৎসাৰ ক্ষেত্রত প্রায় এহাজাৰ ফর্মূলাৰ ঔষধৰ দাম বৃদ্ধি ঘটিব৷ যিয়ে ৰোগী তথা অভিভাৱকসকলৰ বাবে চিকিৎসাৰ কাৰণে এক বিৰাট প্রত্যাহ্বানৰূপে বিবেচিত হৈছে৷
ডিজিটেল ডেস্ক, ১২ জুন