নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা মহিলা টি–২০ বিশ্বকাপ ক্রিকেট

বৃহস্পতিবাৰৰ নিশাৰ পৰা আৰম্ভ হ’ল ফিফা বিশ্বকাপ ফুটবল৷ আজিৰ পৰা ফুটবল জ্বৰত আক্রান্ত হ’ল দেশবাসী৷ ভাৰতে ফিফা বিশ্বকাপত খেলা নাই যদিও পৃথিৱীৰ গ্রেটেষ্ট শ্ব’ক লৈ থকা উত্তেজনা অন্তহীন৷

কিন্তু ফুটবল বিশ্বকাপৰ লগতে একে সময়তে আন এক বিশ্বকাপ আৰম্ভ হ’ব৷ আজিৰ পৰা ইংলেণ্ড এণ্ড ৱেলছত অনুষ্ঠিত হ’ব মহিলা টি–২০ বিশ্বকাপ ক্রিকেট৷ ফুটবল বিশ্বকাপৰ দৰে টি–২০ বিশ্বকাপৰো দলৰ সংখ্যা বৃদ্ধি পাইছে৷

প্রথমবাৰৰ বাবে ১২টা দলে অংশগ্রহণ কৰিব৷ প্রায় এমাহ ধৰি চলিবলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব ৫ জুলাইত৷ লর্ডছ, অ’ভেল, অ’ল্ডট্রেফর্ড আৰু হেডিংলেকে ধৰি সাতটা স্থানত অনুষ্ঠিত হ’ব ৩৩খন মেচ৷

খিতাপ অক্ষুণ্ণ ৰাখিবলৈ যুঁজিব নিউজিলেণ্ডে৷ ইয়াৰ ভিতৰত অষ্ট্রেলিয়া, ইংলেণ্ড, ভাৰত, দক্ষিণ আফ্রিকা আৰু ৱেষ্ট ইণ্ডিজ অন্যতম৷

ইপিনে, মহিলা টি–২০ বিশ্বকাপত অভিষেক ঘটিব নেদাৰলেণ্ডছৰ৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত ভাগ ল’ব ঘৰুৱা দল ইংলেণ্ড আৰু শ্রীলংকাই৷

খিতাপৰ অন্যতম দাবীদাৰ ভাৰতে ১৪ জুনত পাকিস্তানৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷ ১২টা দলক দুটা গ্রুপত ভাগ কৰা হৈছে৷

ডিজিটেল ডেস্ক, ১২ জুন

You might also like