নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যশপাল ৰাণাৰ প্ৰয়াণ, শোকস্তব্ধ ভাৰতীয় ক্ৰীড়া জগত

ভাৰতৰ অলিম্পিক তাৰকা মনু ভাকৰৰ প্ৰশিক্ষক যশপাল ৰাণাৰ মৃত্যু ঘটিছে। যোৱা কেইদিনমান ধৰি তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা বুলি খবৰ ওলাইছিল আৰু ১১ জুনত তেওঁ ইহলোক ত্যাগ কৰে। মিউনিখত অনুষ্ঠিত শ্বুটিং বিশ্বকাপৰ পিছত ভাৰতলৈ উভতি অহাৰ সময়ত বিমানতে অসুস্থ হৈ পৰিছিল যশপাল ৰাণা।

ভাৰতলৈ উভতি অহাৰ পিছত তেওঁক দিল্লীৰ চাকেতস্থিত মেক্স হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কেইবাদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত বৃহস্পতিবাৰে ৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। যশপাল ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ হাই-পাৰফৰ্মেন্স প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আছিল।

তেওঁৰ মৃত্যুত সমগ্ৰ ভাৰতীয় ক্ৰীড়া জগতত শোকৰ ছাঁ পৰিছে। যশপাল ৰাণাই জীৱনৰ শেষৰ তিনিটা দশক শ্বুটিং খেলক খেলুৱৈ আৰু প্ৰশিক্ষক হিচাপে উৎসৰ্গা কৰিছিল। সেয়েহে তেওঁৰ প্ৰয়াণক শ্বুটিং জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি গণ্য কৰা হৈছে।

১৯৯০ৰ দশকত শ্বুটিং জগতত নিজৰ পৰিচয় গঢ়ি তোলা যশপাল ৰাণাই ৪বাৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল। ইয়াৰ উপৰি কমনৱেলথ গেমছত তেওঁৰ নামত আছে ৯টা সোণৰ পদক। তেওঁ এছিয়ান চেম্পিয়নশ্বিপতো বিজয়ী হৈছিল আৰু ১৯৯৪ চনত ২৫ মিটাৰ পিষ্টল প্ৰতিযোগিতাত জুনিয়ৰ বিশ্ব চেম্পিয়ন হৈছিল।

২০০৬ চনত এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ প্ৰতিযোগিতামূলক শ্বুটিঙক বিদায় জনায়। ২০১২ চনত প্ৰশিক্ষক হিচাপে নতুন যাত্ৰা আৰম্ভ কৰি অতি কম সময়তে ভাৰতৰ অন্যতম সফল শ্বুটিং প্ৰশিক্ষক হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ সৈতে যশপাল ৰাণাও উপস্থিত আছিল। সেই অলিম্পিকত মনু ভাকৰে দুটা পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছিল। মনু ভাকৰে নিজৰ এই সফলতাৰ কৃতিত্ব একাধিকবাৰ প্ৰশিক্ষক যশপাল ৰাণাক দিছিল।

যশপাল ৰাণাৰ প্ৰয়াণে ভাৰতীয় শ্বুটিং জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে।

ডিজিটেল ডেস্ক, ১২ জুন

You might also like