নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ সময়সূচী প্ৰকাশ!

বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া পুৰুষ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰস্তাৱিত সময়সূচীক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) অনুমোদন জনাইছে।

এক প্ৰতিবেদন অনুসৰি, এই মেগা টুৰ্ণামেণ্টখন ২০২৭ চনৰ ৪ অক্টোবৰৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব। যোৱা মে’ মাহত আহমেদাবাদত অনুষ্ঠিত আইচিচি ব’ৰ্ডৰ বৈঠকত এই তাৰিখসমূহত প্ৰাথমিক সন্মতি প্ৰকাশ কৰা হৈছিল। অৱশ্যে অহা জুলাই মাহত এডিনবাৰ্গত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ বাৰ্ষিক সাধাৰণ সভাত এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে চূড়ান্ত হ’ব।

এইবাৰৰ বিশ্বকাপত মুঠ ৫৪খন মেচ অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত প্ৰায় ৪১খন মেচ দক্ষিণ আফ্ৰিকাৰ আঠটা আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়ামত খেলা হ’ব। জিম্বাবুৱেত ৮ৰ পৰা ১০খন মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, আনহাতে নামিবিয়াত ৩ খন মেচ আয়োজন কৰা হ’ব।

জিম্বাবুৱেত তিনিটা স্থানত মেচ খেলোৱা হ’ব— হাৰাৰে স্পৰ্টছ ক্লাব, কুইন্স স্পৰ্টছ ক্লাব (বুলাৱায়ো) আৰু ভিক্টোৰিয়া ফলছ অঞ্চলত নতুনকৈ নিৰ্মাণাধীন “ফালে মোচি-অ’-টুন্যা ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম”।

২০০৩ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে আফ্ৰিকা মহাদেশত পুৰুষ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০০৯ চনৰ চেম্পিয়নছ ট্ৰফী আৰু ২০২৩ চনৰ মহিলা টি-২০ বিশ্বকাপ সফলতাৰে আয়োজন কৰি নিজৰ সক্ষমতা প্ৰমাণ কৰিছে।

২০২৭ বিশ্বকাপত এইবাৰ দলৰ সংখ্যা ১০ৰ পৰা বৃদ্ধি কৰি ১৪ কৰা হৈছে। ফৰ্মেট হ’ব এনেধৰণৰ—

  • ১৪টা দলক দুটা গ্ৰুপত ভাগ কৰা হ’ব (প্ৰতিটো গ্ৰুপত ৭টা দল)
  • প্ৰতিটো গ্ৰুপৰ শীৰ্ষ তিনিটা দল ছুপাৰ ছিক্স পৰ্যায়লৈ যাব
  • তাৰ পিছত ছেমিফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ’ব

আয়োজক দেশ হোৱাৰ সত্ত্বেও দক্ষিণ আফ্ৰিকা আৰু জিম্বাবুৱে পোনপটীয়াকৈ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব। কিন্তু নামিবিয়াই পোনপটীয়া প্ৰৱেশ নাপায়; তেওঁলোকে কোৱালিফায়াৰ প্ৰক্ৰিয়াৰ মাজেৰে মূল পৰ্যায়ত স্থান নিশ্চিত কৰিব লাগিব।

এই নতুন ফৰ্মেট আৰু আফ্ৰিকাত বিশ্বকাপৰ প্ৰত্যাৱৰ্তনে বিশ্ব ক্ৰিকেটত নতুন উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনা দেখা গৈছে।

ডিজিটেল ডেস্ক, ১২ জুন

You might also like