নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠীয়াতলীৰ ভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ, বিনিদ্ৰ ৰজনী গঞাৰ

ডিজিটেল ডেস্ক, ১৪ জুন : কিছুদিন ধৰি কঠীয়াতলী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ গাঁওসমূহত বন্যহস্তীয়ে তাণ্ডৱ চলাই অহা পৰিলক্ষিত হৈছে। ৰেংবেং, গৰুবন্ধা, নামবৰ, শগুনবাহী চাহ বাগিচা, কন্দলী মিকিৰ গাঁও, বামুণী আদি গাঁৱত নিশাৰ ভাগত পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা কেইটামান বন্যহস্তীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে।

বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বহুতৰ ভঁৰালৰ ধান খাই তহিলং কৰিছে। আনহাতে, পথাৰৰ পকা বড়োধানৰ খেতি খোৱাৰ লগতে যথেষ্ট পৰিমাণে অনিষ্ট সাধন কৰিছে। তিনিমাহ মান ধৰি তিনি-চাৰিটা বন্যহস্তীয়ে নিশাৰ ভাগত গাঁৱত উপদ্ৰৱ চলাই আহিছে। কঠীয়াতলী বনাঞ্চলিক বিষয়া গিৰীশ কুমাৰ বৰাই জানিবলৈ দিয়ে যে প্ৰতিনিশাই বনকৰ্মীসকলে গাঁওসমূহত পহৰা দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে।

বন্যহস্তীকেইটাক পাহাৰলৈ খেদি পঠিয়াবলৈ সদায় চেষ্টা কৰা হয়। ৰেংবেং গৰুবন্ধা আৰু নামবৰ লালুং গাঁৱত নিশাৰ ভাগত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বন্যহস্তীকেইটাই প্ৰায়েই গাঁৱৰ ৰাইজক হাৰাশাস্তি কৰি আহিছে। অঞ্চলটোৰ ক্ষতিগ্ৰস্ত ভুক্তভোগী পৰিয়ালে চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী জনাইছে।

You might also like