- বৰপেটাৰোডত ৰে’লৰ খুন্দাত এজনৰ মৃত্যু |
- নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত নিহত হয় লোকজন |
- নিহত লোকজন বৰপেটাৰোডৰ বেলতলা নিৱাসী জীৱন চন্দ্ৰ ধৰ (৭০) |
- বৰপেটাৰোড ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই শোকাৱহ ৰে’ল দুৰ্ঘটনা ।
- পেছাত গেলামাল ব্যৱসায়ী জীৱন চন্দ্ৰ ধৰ নামৰ লোকজনে দোকানৰ সামগ্ৰী ক্ৰয়ৰ বাবে বৰপেটাৰোড বজাৰলৈ আহি আছিল |
- লোকজনে ৰে’ল লাইন পাৰ হ’বলৈ লোৱাৰ সময়তে ৰে’লখনে লোকজনক খুন্দা মাৰে |
- ফলত লোকজনৰ থিতাতে মৃত্যু হয় |
- এই ঘটনাৰ পিছতে বৰপেটাৰোডত শোকৰ ছাঁ পৰিছে।
- ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ৰে’লৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰে ।
You might also like