ডিজিটেল ডেস্ক, ২৬ জুন : ডিজিটেল এৰেষ্টৰ বিৰুদ্ধে দেশজুৰি চিবিআয়ে চলাইছে বৃহৎ অভিযান৷ বৃহস্পতিবাৰে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে ১৬খন ৰাজ্যৰ ৮০টাতকৈ অধিক স্থানত চাইবাৰ অপৰাধ চক্রৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিছে বহু আপত্তিজনক নথি–পত্র৷ অপাৰেচন চক্র–৬ৰ অধীনত চলা এই অভিযানে অসমকো সামৰি লৈছে৷
শ্বেল কোম্পানী আৰু ভুৱা বেংক একাউণ্টৰ জৰিয়তে চাইবাৰ অপৰাধীক ধন সৰবৰাহত সহায় কৰা দুজন লোককো চিবিআইৰ দলে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷ চিবিআয়ে অভিযান চলোৱা ৰাজ্যকেইখন হৈছে ক্রমে অসম, পঞ্জাব, গুজৰাট, দিল্লী, মহাৰাষ্ট্র, হাৰিয়ানা, তামিলনাডু, তেলেংগানা, অন্ধ্রপ্রদেশ, উত্তৰ প্রদেশ, মধ্যপ্রদেশ, ৰাজস্থান, পশ্চিমবংগ, মণিপুৰ, কর্ণাটক আৰু ওড়িশা৷ এই ৰাজ্যবোৰত পৃথকে পৃথকে চিবিআইৰ ৬০টা দলে অভিযান আৰম্ভ কৰে৷
তদন্তকাৰী সংস্থাটোৰ মতে, সমগ্র দেশতে পঞ্জীয়ন হোৱা ডিজিটেল জালিয়াতিৰ ২০০ৰো অধিক গোচৰ সন্দর্ভত চাইবাৰ অপৰাধ চক্রৰ বিৰুদ্ধে অভিযান চলোৱা হয়৷ অসমৰ শিৱসাগৰ আৰু চৰাইদেউৰ বিভিন্ন স্থানত তদন্তকাৰী দলটোৱে অভিযান চলাই জব্দ কৰিছে বহু আপত্তিজনক নথি–পত্র, ম’বাইল ফোন, ডিজিটেল ডিভাইচ আৰু আর্থিক লেনদেনৰ নথি৷ এই অভিযানকালতে চিবিআয়ে চেন্নাইৰ বি নৰেশ আৰু কলকাতাৰ সঞ্জীৱ সাহা নামৰ দুজন অভিযুক্তক গ্রেপ্তাৰ কৰিছে৷
চিবিআইৰ তথ্য অনুসৰি গ্রেপ্তাৰ হোৱা এই দুয়োজনে শ্বেল কোম্পানী স্থাপনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আৰু ভুৱা বেংক একাউণ্ট চলাইছিল, যিবোৰৰ সহায়ত অপৰাধৰ সন্দেহযুক্ত ধনৰ প্রায় দুই কোটি টকা স্থানান্তৰ কৰা হৈছিল৷ তদন্তকাৰী দলে সন্দেহ কৰিছে যে এই বেংক একাউণ্টবোৰে কেলেংকাৰিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ তদন্তৰ সময়ত চিবিআয়ে দেশৰ উচ্চতম ন্যায়ালয়ৰ চৰকাৰী ৱেবছাইটৰ সৈতে ওতপ্রোতভাৱে মিলিত থকা এটা ভুৱা ৱেবছাইটো ধৰা পেলাবলৈ সক্ষম হৈছে৷ চাইবাৰ অপৰাধীসকলে এই ভুৱা ৱেবছাইট ব্যৱহাৰ কৰি আইনী বিষয়াৰ পৰিচয় দি ভুক্তভোগীক ভয় খুৱাই তেওঁলোকক ডিজিটেল গ্রেপ্তাৰ কৰা বুলি কয়৷
উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে এই সন্দর্ভত দাখিল কৰা অভিযোগৰ পাছতে চিবিআয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত৷ অভিযোগ অনুসৰি চাইবাৰ অপৰাধীয়ে ভুক্তভোগীক ভাবুকি দিবলৈ আদালতৰ ভুৱা নথি–পত্র ব্যৱহাৰ কৰিছিল৷ আনকি আদালতৰ ভুৱা আদেশৰ নথি–পত্রৰে একাংশ লোকক এই চক্রটোৱে ভাবুকি প্রদান কৰিছিল৷ তদন্তত এই কথাও পোহৰলৈ আহিছে যে চক্রটোৱে ভাৰতৰ বাহিৰৰ লোককো লক্ষ্য কৰি লৈছিল৷ চিবিআয়ে প্রকাশ কৰা অনুসৰি প্রয়োজন অনুসৰি বিদেশৰ প্রশাসনকো চাইবাৰ অপৰাধৰ এই তথ্য প্রদান কৰা হ’ব৷ অপাৰেচন চক্র–৬ৰ জৰিয়তে চলোৱা অভিযানত অচিৰেই অধিক লোক গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰিছে চিবিআয়ে৷