নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূঁইকঁপৰ পূর্বে ভেনিজুৱেলাক সতর্ক কৰি দিছিল গুগলে

ডিজিটেল ডেস্ক, ২৬ জুন : ভূঁইকঁপত বিধ্বস্ত হৈ পৰিছে ভেনিজুৱেলা৷ বিশেষজ্ঞসকলে প্রকাশ কৰা মতে লেটিন আমেৰিকাৰ ইতিহাসত এটা শতিকাৰ আটাইতকৈ শক্তিশালী ভূঁইকঁপ এইটো৷ কিন্তু ভূঁইকঁপৰ জোকাৰণি অহাৰ পূর্বেই গুগলে জনাই দিছিল এক সংকেত৷ বহুতেই কৰিছে এই দাবী৷ এক্স হেণ্ডেলত বহুতেই আকৌ গুগলৰ সেই ভূঁইকঁপৰ জাননীৰ ছবিও প’ষ্ট কৰে৷

প্রতিটো আধুনিক স্মার্ট ফোনতে এটা এক্সলেৰ’মিটাৰ থাকে৷ সাধাৰণতে এই চেন্সৰটিয়ে আপোনাৰ স্মার্ট ফোনক লেণ্ডস্কেপ ম’ডত ধৰাৰ সময়ত স্ক্রীনখনক স্বয়ংক্রিয়ভাৱে ঘূৰাই দিয়ে৷ কিন্তু ইয়াৰ আৰু এটা ব্যৱহাৰো আছে৷ ই কম্পন চিনাক্ত আৰু পৰিমাপ কৰিবলৈ সক্ষম৷ যেতিয়া কোনো শক্তিশালী কম্পন অনুভূত হয় তেতিয়া ই গুগলৰ ‘এণ্ড্রইড আর্থকোৱেক এলার্টছ ছিষ্টেম’লৈ এটা সংকেত পঠিয়ায়৷ তাৰ লগতে ভূঁইকঁপৰ আনুমানিক অৱস্থানো জনাই দিয়ে৷ ইয়াৰ পিছতেই গুগলে ভূঁইকঁপৰ জাননী ফোনলৈ প্রেৰণ কৰে৷

ভূঁইকঁপ কোনো এটা মাত্র কম্পন নহয়৷ ই ঢৌৰ নিচিনাকৈ সংঘটিত হয়৷ প্রাথমিক তৰংগ বা ‘পি তৰংগ’ দ্রুতগামী গতিবেগ প্রতিছেকেণ্ডত প্রায় ৬ কিঃমিঃ৷ ছেকেণ্ডাৰী তৰংগ বা ‘এছ তৰংগ’ অপেক্ষাকৃতভাৱে দুর্বল৷ প্রতি ছেকেণ্ডত ইয়াৰ গতিবেগ প্রায় ৩–৪ কিঃমিঃ৷ কিন্তু তাৎপর্যপূর্ণভাৱে এই এছ তৰংগই অধিক ক্ষতি কৰে৷ ইয়াৰ অর্থ হ’ল আমাৰ ফোনে ‘পি ৱেভ’ চিনাক্ত কৰিবলৈ সক্ষম৷ ইয়াৰ জৰিয়তে ই নির্ধাৰণ কৰিব পাৰে যে ভূঁইকঁপ আহিছে৷ তাৰ পিছত ক্ষিপ্রতাৰে সেই কথা গুগল ছার্ভাৰক সংকেতৰ জৰিয়তে জনাই দিয়ে৷ যিহেতু ফোনৰ পৰা যোৱা সংকেত পোহৰৰ গতিৰে পৰিবাহিত হয়, সেয়েহে গুগলে তাক চালিজাৰি চোৱাৰ যথেষ্ট সময় পায়৷ ফলত আগেভাগে ভূঁইকঁপৰ খবৰ জনাবলৈ সক্ষম হয়৷ সেইদৰে গুগলে গোটেই প্রক্রিয়াটো সম্পন্ন কৰে৷

You might also like