ডিজিটেল ডেস্ক, ২৬ জুন : বশিষ্ঠ আৰক্ষীয়ে এক সফল অভিযান চলাই তিনি গভাইত চোৰক আটক কৰিছে। ধৃত তিনি চোৰৰ পৰা আৰক্ষীয়ে চুৰি হোৱা লেপটপ আৰু মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ধৃতসকল হৈছে পাটৰকুছিৰ নিপু ফাংচু ওৰফে টিকু, ওদালগুৰিৰ সুমন বসুমতাৰী ওৰফে চাম্বা আৰু ফকিৰগঞ্জৰ মহিবুল হক। আৰক্ষী সূত্ৰৰ মতে, এই তিনি চোৰে দীৰ্ঘদিন ধৰি ৰাজধানী গুৱাহাটীত চুৰিকাৰ্যৰে সন্ত্ৰাস চলাই আহিছিল। তেওঁলোকে বিভিন্ন ঠাইত লেপটপ, মোবাইল ফোন আদি মূল্যৱান বস্তু চুৰি কৰি আহিছিল বুলি জানিব পৰা গৈছে।
বশিষ্ঠ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এই তিনিজনক জালত পেলাবলৈ সক্ষম হয়। চোৰ-ডকাইতৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযানে মহানগৰবাসীক সকাহ প্ৰদান কৰিছে।