হাইলাকান্দি বাইপাছত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথ-৬ৰ হাইলাকান্দি বাইপাছত এখন যাত্ৰীবাহী অট’ৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়।
দুৰ্ঘটনাটোত আলগাপুৰৰ বাসিন্দা আবু ছুফিয়ান নামৰ এজন যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে, অট’খনত থকা আন তিনিজন গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ স্থানীয় ৰাইজে ঘটনাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ অভিযোগ, হাইলাকান্দি বাইপাছত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ পিছতো প্ৰশাসনে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাই। খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ২৭ জুন