ডেম্বেলেৰ হেটট্ৰিকেৰে নৰৱেক ৪-১ গ’লত হৰুৱালে ফ্ৰান্সে
ফিফা বিশ্বকাপ ২০২৬ত ফ্ৰান্সে দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। গ্ৰুপ ‘I’ৰ অন্তিম মেচত নৰৱেক ৪-১ গ’লত পৰাস্ত কৰি তিনিওখন মেচত জয় লাভেৰে গ্ৰুপ চেম্পিয়ন হিচাপে ৰাউণ্ড অৱ ৩২ত প্ৰৱেশ কৰিছে ডিডিয়ে ডেছৰ দলটোৱে।
মেচখনক কিলিয়ান এমবাপে আৰু আৰ্লিং হালাণ্ডৰ মুখামুখি সংঘৰ্ষ হিচাপে প্ৰচাৰ কৰা হৈছিল। কিন্তু সকলো আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে ফ্ৰান্সৰ তাৰকা উইংগাৰ উছমান ডেম্বেলে। প্ৰথমাৰ্ধতে মাত্ৰ ৩২ মিনিটৰ ভিতৰত হেট্ৰিক সম্পূৰ্ণ কৰি ফ্ৰান্সৰ জয়ৰ ভেটি গঢ়ি তোলে তেওঁ।
মেচৰ আৰম্ভণিৰে পৰাই ফ্ৰান্সে আক্ৰমণাত্মক ফুটবল খেলি নৰৱেক চেপি ধৰে। এমবাপেৰ ক্ষিপ্ৰ গতি আৰু মাইকেল অলিছেৰ সৃষ্টিশীল খেলৰ মাজতে ডেম্বেলেই তিনিটা গ’ল কৰি নৰৱেৰ ৰক্ষণভাগ সম্পূৰ্ণ ভাঙি পেলায়।
এই বিশ্বকাপত লিঅ’নেল মেছি আৰু জনাথন ডেভিদৰ পিছত ডেম্বেলেই তৃতীয় খেলুৱৈ হিচাপে হেট্ৰিক কৰাৰ কৃতিত্ব অৰ্জন কৰে। লগতে ১৯৫৪ চনত অষ্ট্ৰিয়াৰ এৰিখ প্ৰবষ্টৰ পিছত বিশ্বকাপ ইতিহাসত দ্বিতীয় দ্ৰুততম হেট্ৰিক কৰা খেলুৱৈ হিচাপেও নাম লেখায়।
বিৰতিৰ পিছত থেলো আছগাৰ্ডে নৰৱেৰ হৈ এটা গ’ল পৰিশোধ কৰে। ইয়াৰ পিছত জৰ্গেন ষ্ট্ৰেণ্ড লাৰ্ছেনে পেনাল্টিৰে ব্যৱধান ৩-২ কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিছিল যদিও ফ্ৰান্সৰ গোলৰক্ষক মাইক মেইনানে সহজেই সেই শ্বট ৰখাই দিয়ে।
মেচৰ অন্তিম সময়ত ব্ৰেডলী বাৰ্কোলাৰ সুন্দৰ ক্ৰছৰ পৰা ডিজিৰে ডুৱেই হেডাৰে চতুৰ্থ গ’লটো কৰি ফ্ৰান্সৰ ৪-১ গ’লৰ জয় নিশ্চিত কৰে।
ডিজিটেল ডেস্ক, ২৭ জুন