প্রচণ্ড গ্রীষ্মপ্রবাহত উতলিছে ইউৰোপ, মৃতকৰ সংখ্যা ১,৩০০লৈ বৃদ্ধি
ডিজিটেল ডেস্ক, ৩০ জুন : গ্রীষ্মপ্রবাহত উতলিছে সমগ্র ইউৰোপ৷ যোৱা এসপ্তাহ ধৰি চলা প্রচণ্ড গ্রীষ্মপ্রৱাহৰ ফলত ইউৰোপত এইপর্যন্ত ১,৩০০ৰো অধিক লোকৰ মৃত্যু ঘটিছে৷ তাৰ ভিতৰত কেৱল ফ্রান্সতেই মৃত্যু হৈছে প্রায় ১,০০০জনৰ৷
যোৱা ২১ জুনৰ পৰা ইউৰোপৰ বিভিন্ন দেশত সৃষ্টি হৈছে গ্রীষ্মপ্রবাহৰ পৰিস্থিতি৷ জার্মানী, ফ্রান্স, ডেনমার্ক, চেক প্রজাতন্ত্র, হাংগেৰী, পোলেণ্ড, শ্ল’ভাকিয়া, ছার্বিয়া, ক্র’ৱেছিয়া, ইটালী, অষ্ট্রিয়া আৰু পশ্চিম ইউক্রেইনসহ ইউৰোপৰ বিস্তীর্ণ অঞ্চল গ্রীষ্মপ্রবাহৰ কবলত৷ পাৰাস্তম্ভ কেতিয়াবা যদি ৩৫ ডিগ্রী, কেতিয়াবা ৪০ ডিগ্রী৷ কেতিয়াবা আকৌ তাতোকৈ অধিক৷ এনে অৱস্থাত দেওবাৰে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ২১ জুনৰ পৰা এইপর্যন্ত গ্রীষ্মপ্রবাহৰ কাৰণে ইউৰোপত ১,৩০০জনৰো অধিক লোক মৃত্যুমুখত পৰিছে৷
যোৱা কিছুদিনত ইউৰোপৰ বিভিন্ন দেশৰ পৰা মৃত্যুৰ খবৰ আহিবলৈ আৰম্ভ কৰিছে৷ এনে অৱস্থাত স্বাস্থ্যসেৱাৰ ওপৰত অতিৰিক্ত হেঁচা পৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ সেইবাবে এনে দেশসমূহক পৰিস্থিতি চম্ভালাৰ বিষয়ে আৰু অতিৰিক্ত হেঁচাৰ বিষয়ে সতর্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্রছ এডানম গেব্রিয়েছাছে৷ তেওঁ কয়– ‘ইউৰোপৰ ঘৰ–গৃহস্থালি, অফিচ আৰু শিক্ষা প্রতিষ্ঠানসমূহ এই ধৰণৰ তাপমাত্রাৰ (সহ্য কৰাৰ) বাবে সাজু হোৱা নাই৷’ এনে অৱস্থাত পৰিস্থিতি আৰু অধিক জটিল হ’ব পাৰে বুলি আশংকা প্রকাশ কৰে তেওঁ৷ উদ্ভুত পৰিস্থিতিত ইউৰোপৰ বিভিন্ন প্রান্তত সংগ্রহালয় আৰু বিদ্যালয়সমূহ ইতিপূর্বে বন্ধ কৰি দিয়া হৈছে৷
ফ্রান্সৰ স্বাস্থ্য মন্ত্রালয়ে দেওবাৰে জনাইছে যে তীব্র গ্রীষ্মপ্রবাহৰ ফলত দেশখনত এহাজাৰজনৰো অধিক লোক মৃত্যুমুখত পৰিছে৷ প্রাথমিক তথ্যৰ ভিত্তিত তেওঁ জনাইছে যে মৃতসকলৰ ভিতৰত বেছিভাগেই বয়সস্থ লোক৷ গ্রীষ্মপ্রবাহৰ পৰিস্থিতিয়ে আবাল বৃদ্ধ–বনিতা সকলো লোকৰ ওপৰতেই প্রভাৱ পেলাইছে৷ কিন্তু মৃতসকলৰ বেছিভাগৰেই বয়স ৬৫ বছৰ বা ততোধিক বুলি জনাইছে ফ্রান্সৰ স্বাস্থ্য কর্তৃপক্ষই৷ এনে পৰিস্থিতিৰ পৰা এতিয়াই নিস্তাৰ পোৱাৰ লক্ষণ দেখা নাই ইউৰোপবাসীয়ে৷
ফ্রান্সৰ স্বাস্থ্যমন্ত্রী ষ্টেফানি ৰিষ্টে জনায় যে আৰু ১০ দিন ধৰি চলিব পাৰে এনে গ্রীষ্মপ্রবাহ৷ দেওবাৰেও ইউৰোপৰ বিভিন্ন ঠাইত তাপমাত্রা ৪০ ডিগ্রীৰ ওপৰত আছিল৷ চেক প্রজাতন্ত্রৰ ৰাজধানী প্রাগৰ উত্তৰ দিশৰ ডকছানিত সেইদিনা তাপমাত্রা আছিল ৪১.১ ডিগ্রী চেলছিয়াছ৷ জার্মানীতো বহু ঠাইত তাপমাত্রা আছিল ৪০ ডিগ্রীৰ অধিক৷ তীব্র গৰম অনুভূত হৈছে চেক প্রজাতন্ত্র, হাংগেৰী আৰু পোলেণ্ডৰ বিস্তীর্ণ অঞ্চলতো৷ আনকি ৰাতিৰ ভাগতো তাপমাত্রা বিশেষ কমা নাই৷ শনিবাৰে ৰাতি জার্মানীৰ পূর্বাঞ্চলীয় চহৰ কুবছুটজৰ তাপমাত্রা ২৯.৪ ডিগ্রী চেলছিয়াছৰ তললৈ নানামিল৷ বার্লিনত ইতিমধ্যে প্রশাসনৰ তৰফৰ পৰা সাধাৰণ নাগৰিকে সকাহ লাভ কৰাৰ বাবে বিভিন্ন ঠাইত পানী ছটিওৱাৰ দিহা কৰিছে৷