ডিজিটেল ডেস্ক, ৩০ জুন : গুৱাহাটীত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস চলাই থকা এক দুৰ্ধৰ্ষ চাৰিজনীয়া চোৰৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বশিষ্ঠ আৰক্ষী। গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীয়ে চোৰৰ দলটোৰ চাৰি সদস্যক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে।
গ্ৰেপ্তাৰ হোৱা চোৰকেইটা হৈছে নগৰবেৰাৰ মফিদুল ইছলাম, বিশ্বনাথৰ ৰাজ সুৰি, হাজোৰ টিংকল দাস আৰু বিনোদ দাস। জানিব পৰা মতে, এই দলটোৱে গুৱাহাটীৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত কৰি আহিছিল।
অভিযানকালত আৰক্ষীয়ে বৃহৎসংখ্যক কপাৰৰ তাঁৰ, এ চিৰ কপাৰৰ পাইপ, অন্যান্য মূল্যৱান সামগ্ৰী আৰু কেইবাটাও চুৰি মোবাইল ফোন জব্দ কৰে। গ্ৰেপ্তাৰ হোৱা চাৰি চোৰক অধিক সোধা-পোছা অব্যাহত ৰখা হৈছে। এই চোৰৰ দলটোৰ সৈতে আন কোনো ব্যক্তি বা বৃহৎ চোৰ চক্ৰ জড়িত আছে নেকি, সেই দিশতো তদন্ত চলি আছে।