ডিজিটেল ডেস্ক, ৩০ জুন : কাছাৰ আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযানত পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন আৰু নিচাজাতীয় টেবলেটসহ এজন লোক আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ বাঁশকান্দি আলিপুৰত।
জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা বাঁশকান্দিৰ আলিপুৰৰ বাসিন্দা ছামছুল উদ্দিনৰ ঘৰত হঠাতে কাছাৰ আৰক্ষীৰ এটা বিশেষ দলে অভিযান চলায়। তালাচী চলোৱাৰ সময়ত ঘৰৰ ভিতৰত পাৰ্ক কৰি থোৱা AS-11 K-5955 নম্বৰৰ এখন স্কুটীত আৰক্ষীয়ে ৫.৫ গ্ৰাম হেৰ’ইনৰ লগতে ৩১০টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই ঘৰৰ মালিক ছামছুল উদ্দিন আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰে।
ধৃত পিতৃ আৰু কন্যাৰ বিৰুদ্ধে ইতিমধ্যে লক্ষীপুৰ থানাত এক NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই ড্ৰাগছ চক্ৰটোৰ অন্তৰালত আন কোন কোন জড়িত আছে, সেয়া পোহৰলৈ আনিবলৈ আৰক্ষীয়ে ধৃতসকলক সোধা-পোছা কৰাৰ লগতে অধিক তদন্ত আৰম্ভ কৰিছে।