যোৰহাট জিলাৰ তিতাবৰৰ নগাবাটত আৰক্ষীৰ এক বিশেষ অভিযানত এটা .২২ পিষ্টল আৰু ২৩ জাঁই সক্ৰিয় গুলীসহ গ্ৰেপ্তাৰ কৰা হৈছে চৰকাৰী কৰ্মচাৰী বিজয় কৃষ্ণ বৰাক।
আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত বিজয় কৃষ্ণ বৰা নগাবাটস্থিত শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। তেওঁৰ ঘৰ যোৰহাট জিলাৰ ককিলামুখৰ নিজ বালিগাঁৱত।
গোপন সূত্ৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে নগাবাটৰ এখন ভাৰাঘৰত অভিযান চলাই পুৱাৰ ভাগতে বিজয় কৃষ্ণ বৰাক আটক কৰে। অভিযানকালত তেওঁৰ দখলৰ পৰা এটা .২২ পিষ্টল আৰু ২৩ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰ হোৱা অস্ত্ৰ আৰু গুলীৰ উৎস তথা ইয়াৰ সম্ভাৱ্য ব্যৱহাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক সোধা-পোছা অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ১ জুলাই