নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হ’বনে বৈভৱৰ অভিষেক! আজি ভাৰত-ইংলেণ্ডৰ প্ৰথম টি-২০

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ আজি অনুষ্ঠিত হ’ব। আয়াৰলেণ্ড ভ্ৰমণত ০-২ ব্যৱধানত শৃংখলা পৰাজয়ৰ পিছত এই মেচখনত টীম ইণ্ডিয়াৰ ওপৰত থাকিব অতিৰিক্ত চাপ।

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত প্ৰথমটো শৃংখলা সফল নহ’ল। বলাৰসকলে প্ৰত্যাশিত প্ৰদৰ্শন কৰিব নোৱাৰাৰ লগতে বেটিং বিভাগো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। অধিনায়ক শ্ৰেয়াছ আয়াৰ, সঞ্জু ছেমছন আৰু ঈশান কিষাণৰ বেটো নচলিল।

আজি সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈছে—১৫ বছৰীয়া প্ৰতিভাৱান বেটাৰ বৈভৱ সূৰ্যবংশীক প্লেয়িং ইলেভেনত সুযোগ দিয়া হ’ব নেকি?

আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত তেওঁক সুযোগ নিদিয়াৰ বাবে অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল। সেয়েহে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০তে বৈভৱে অভিষেক কৰাৰ সম্ভাৱনা প্ৰবল বুলি ধৰা হৈছে।

ভাৰত-ইংলেণ্ডৰ প্ৰথম টি-২০ মেচ ৰিভাৰছাইড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব। এই ষ্টেডিয়ামখন এমিৰেটছ ডাৰহাম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট গ্ৰাউণ্ড বুলিও পৰিচিত।

এই খেলপথাৰত ভাৰতে প্ৰথমবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব। আনহাতে, ইংলেণ্ডে ইয়াত খেলা ৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ ভিতৰত ৩খনত জয় আৰু ২খনত পৰাজয়ৰ সন্মুখীন হৈছে।

ভাৰতীয় সময় অনুসৰি নিশা ৯:৩০ বজাত টছ আৰু নিশা ১০:০০ বজাত মেচ আৰম্ভ হব।

ভাৰত-ইংলেণ্ড প্ৰথম টি-২০ৰ লাইভ সম্প্ৰচাৰ হ’ব ছনী স্প’ৰ্টছ নেটৱৰ্কৰ চেনেলসমূহত।আনহাতে, লাইভ ষ্ট্ৰিমিং উপলব্ধ হ’ব জিঅ’হটষ্টাৰ (JioHotstar) এপ আৰু ৱেবছাইটত।

ডিজিটেল ডেস্ক, ১ জুলাই

You might also like