নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই বাইক আৰোহীৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, লাহৰীঘাট, ৭ জুলাই : মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত তাপতলাত যোৱানিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই কৰুণ দুৰ্ঘটনাত থিতাতে দুজন বাইক আৰোহী যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন যুৱক বৰ্তমান মৃত্যুৰে যুঁজি আছে।

প্ৰাপ্ত তথ্য মতে, এখন মটৰচাইকেলত উঠি তিনিজন যুৱকে ভূৰাগাঁৱৰ পৰা জাপৰিৰ দিশে গৈ থকা অৱস্থাতে তাপতলাত পথৰ কাষত ৰৈ থকা এখন টেম্পোত তীব্ৰ বেগে খুন্দা মাৰে। খুন্দা ইমানেই প্ৰচণ্ড আছিল যে বাইকখনত থকা তিনিওজন যুৱক পথৰ ওপৰত ছিটিকি পৰে।

স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত নিশাই তিনিওজনকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুজনক মৃত ঘোষণা কৰে। আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তৃতীয়জন যুৱকক বৰ্তমানো চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

জানিব পৰা মতে, দুৰ্ঘটনাত পতিত যুৱককেইজনৰ দুজন ভূৰাগাঁও থানাৰ অন্তৰ্গত বৰপথাৰৰ আৰু আনজন মায়ং থানাৰ অন্তৰ্গত খাটবড়ী নন্দিনীবড়ীৰ বাসিন্দা। অৱশ্যে বৰ্তমানলৈকে মৃত তথা আহত যুৱককেইজনৰ নাম স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

You might also like