নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটৰ ভাল খবৰ : ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য, বিত্তমন্ত্ৰীৰ ঘোষণা

ডিজিটেল ডেস্ক, ১০ জুলাই : আজি সদনত উত্থাপন হ’ল ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বহু প্ৰতীক্ষিত পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট । ৰাজ্যৰ নতুন বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আজি প্ৰথমখন বাজেট সদনত দাখিল কৰে ।

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট ভাষণত এক অতিকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ খতিয়ান দাঙি ধৰে ।

তেওঁ কয় যে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে ইতিমধ্যে ১ লাখ নিযুক্তিৰ সীমা অতিক্ৰম কৰি বিগত ৫ বছৰত ৰাজ্য চৰকাৰে ১.৬৪ লাখতকৈও অধিক প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে। এইবাৰ নিযুক্তিৰ পৰৱৰ্তী লক্ষ্য ২ লাখ নতুন চাকৰি। চৰকাৰী চাকৰি প্ৰদানৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অনাগত ৫ বছৰত ৰাজ্যৰ ৰাজহুৱা খণ্ডত মুঠ ২ লাখ নিযুক্তিৰ এক বৃহৎ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে ।

বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এই নতুন নিযুক্তি প্ৰক্ৰিয়াত কেইবাটাও চৰকাৰী বিভাগ সামৰি লোৱা হ’ব। ২ লাখ নিযুক্তিৰ এই লক্ষ্যক বাস্তৱায়িত কৰিবলৈ চৰকাৰে এক বিস্তৃত পৰিকল্পনা হাতত লৈছে । ইয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ ‘টাস্ক ফ’ৰ্চ’ গঠন কৰা হৈছে । প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টি কৰাৰ লগতে ইয়াৰ জৰিয়তে বৰ্তমান কৰ্মৰত কৰ্মচাৰীসকলৰ সময় মতে পদোন্নতি নিশ্চিত কৰা হ’ব ।

বিশেষকৈ আৰক্ষী বাহিনী, ভূ-ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদ সৃষ্টিৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে। নিৰ্বাচনী সংকল্প পত্ৰৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰিবলৈ চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ বুলিও তেওঁ বাজেট ভাষণত উল্লেখ কৰে।

You might also like