নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটৰ ভাল খবৰ : আগষ্টৰ পৰা পুনৰ হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ ধন

ডিজিটেল ডেস্ক, ১০ জুলাই : আজি সদনত উত্থাপন হ’ল ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বহু প্ৰতীক্ষিত পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এইখন প্ৰথম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট । ৰাজ্যৰ নতুন বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আজি প্ৰথমখন বাজেট সদনত দাখিল কৰে ।

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট ভাষণত অতিকৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা আঁচনিসমূহ আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব বুলি বাজেট ভাষণত উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আগষ্ট মাহৰ পৰা ৰাজ্যত পুনৰ অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ’ব । অৰুণোদয়ৰ সৈতে অব্যাহত থাকিব বৃদ্ধ পেন্সন আৰু বিধৱা পেন্সন ।

ইফালে, আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেহাই মূল্যত ৰেচন লাভ কৰিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তদুপৰি অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব নিযুত মইনা আঁচনি । আগষ্ট মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব ।

আনহাতে, আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব উদাসীন ভকতক আৰ্থিক সাহায্য প্ৰদান কৰা আঁচনি । আনহাতে, ২৫ ডিচেম্বৰত মিছন বসুন্ধৰা ৪.০ৰ শুভাৰম্ভ হ’ব ।

You might also like