ডিজিটেল ডেস্ক, ১০ জুলাই : দেশত হোৰাহোৰে বৃদ্ধি পাইছে প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ৷ এবছৰত বিদেশী সংস্থাসমূহে ভাৰতত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিছে প্রায় ৪৪ শতাংশ৷ যাৰ ফলত সমগ্র বিশ্বতে বিদেশী বিনিয়োগৰ তালিকাত দুঢাপ ওপৰলৈ উঠিল দেশখন৷ এই মুহূর্তত বিদেশী বিনিয়োগৰ মুঠ অংকৰ নিৰিখত বিশ্বত ১৩সংখ্যক স্থানত ভাৰত৷
ইউএনচিটিএডিৰ ফালৰ পৰা প্রকাশ কৰা তথ্য অনুসৰি, ২০২৫ বর্ষত সকলো মিলি দেশখনলৈ বিদেশী বিনিয়োগ আহে ৩৯ বিলিয়ন মার্কিন ডলাৰ৷ যিটো ২০২৪ বর্ষত আছিল মাত্র ২৭.১ বিলিয়ন৷ যাৰ অর্থ হ’ল এই এটা বছৰত ভাৰতত বিদেশী বিনিয়োগৰ অংকটো বৃদ্ধি পাইছে প্রায় ৪৩.৬ শতাংশ৷ এই এটা বছৰত সমগ্র বিশ্বৰ প্রত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধিৰ হাৰ মাত্র ৬ শতাংশ৷ সেই হিচাপত ভাৰত বহুখিনি আগুৱাই আছে৷
সামগ্রিকভাৱে বিদেশী সংস্থাসমূহৰ জৰিয়তে বিনিয়োগৰ অংকত ভাৰত আছে বিশ্বৰ ১১সংখ্যক স্থানত৷ ২০২৪ বর্ষত ভাৰত আছিল এই তালিকাৰ ১৩সংখ্যক স্থানত৷ দেশত প্রত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি কৰিবলৈ আৰম্ভণিৰে পৰা সচেষ্ট কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰ৷ সেই লক্ষ্যৰে দেশখনত একাধিক নীতি সলনি কৰা হৈছে৷ দেশত ইজ অৱ ডুয়িং বিজনেছ বৃদ্ধি কৰিবলৈ সচেষ্ট হৈছে কেন্দ্র আৰু একাধিক ৰাজ্য চৰকাৰ৷ কেন্দ্রই আটাইতকৈ বৃহৎ যি সালসলনি ঘটাইছে সেয়া হ’ল একাধিক ছেক্টৰত প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ ১০০ শতাংশ পর্যন্ত বৃদ্ধি কৰা৷ যাৰ ফলত বিদেশী সংস্থাসমূহৰ ভাৰতত বিনিয়োগৰ ক্ষেত্রত প্রতিবন্ধকতা কমিছে আৰু আগ্রহ বৃদ্ধি পাইছে৷
তথাপি চাকিৰ তলত এন্ধাৰ ৰোৱাৰ দৰেই দেশত বিদেশী বিনিয়োগৰ অংকটো ২০২০ বর্ষৰ পিছৰে পৰা একেৰাহে কমিবলৈ লৈছিল৷ ২০২০ বর্ষত যি ক্ষেত্রত বিদেশী বিনিয়োগৰ অংকটো আছিল ৬৪.১ বিলিয়ন মার্কিন ডলাৰ, সেই ক্ষেত্রত ২০২৪ বর্ষত সেয়া কমি হয়গৈ ২৭.১ বিলিয়ন৷ এই বছৰটোত যি বিনিয়োগ বাঢ়িছে সেয়াও সামগ্রিকভাৱে গোটেই দেশখনৰ নহয়৷ মূলতঃ অন্ধ্রপ্রদেশত এলফাবেট আৰু হিনফ্রাৰ দুটা মেগা প্রজেক্টৰ বাবে৷ তদুপৰি বিদেশী বিনিয়োগৰ সৈতে ফেৰ মাৰি দেশৰ সংস্থাসমূহে বিনিয়োগ কৰা নাই৷ বৰং নামী ভাৰতীয় সংস্থাসমূহেও বিদেশত বিনিয়োগৰ কথা ভাবিছে৷ ২০২৪ বর্ষত যি ক্ষেত্রত ভাৰতীয় সংস্থাসমূহৰ বিদেশত বিনিয়োগৰ পৰিমাণ আছিল ২৪.৩ বিলিয়ন মার্কিন ডলাৰ, সেয়া ২০২৫ বর্ষত বাঢ়ি হয়গৈ ৩৫.৭ বিলিয়ন মার্কিন ডলাৰ৷