নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভাগত নাট্যপ্ৰয়াসৰ ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ 

শিশু-চেমনীয়াৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ অৰ্থে নলবাৰী জিলাৰ অপেছাদাৰী মঞ্চ নাট্যপ্ৰয়াস, বৰভাগৰ উদ্যোগত আজিৰে পৰা ১৫ দিনীয়াকৈ আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় ।

বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাখন উদ্বোধন কৰে সাংবাদিক আব্দুল কাদেৰ আহমেদে। উদ্বোধনী ভাষণত তেওঁ কয়- ‘অধ্যয়নৰ সমান্তৰালকৈ নাট্যচৰ্চাই  শিক্ষাৰ্থীৰ প্ৰতিভা  বিকাশত সহায় কৰে । শিশুৰ মানসিক উৎকৰ্ষ সাধন কৰিবলৈ হ’লে যোগ আৰু ধ্যানৰ  প্ৰয়োজন আছে । যি শিক্ষা লাভ কৰিব নাট্যপ্ৰয়াসে আয়োজন কৰা কৰ্মশালাৰ যোগেদি ।’

তেওঁ বৃহত্তৰ বৰভাগ অঞ্চলত নাট্যপ্ৰয়াসে সাংস্কৃতিক ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে। নাট্যপ্ৰয়াস, বৰভাগৰ সম্পাদক কৰেন বেজবৰুৱাই আঁত ধৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ আৰম্ভণিতে নটৰাজৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নাট্যপ্ৰয়াসৰ উপ-সভাপতি দেৱকান্ত ভট্টাচাৰ্যই । নাটক, অভিনয়, নৃত্য, মূকাভিনয়, হস্তশিল্প, কবিতা আবৃত্তি, গল্প কোৱা, যোগ আৰু ধ্যানৰ প্ৰশিক্ষণৰ উদ্দেশ্যে আয়োজিত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানটোত ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা অমৰেন্দ্ৰ অ’ল্যেমান, মানস শইকীয়া, নাট্যপ্ৰয়াসৰ বিদ্যুত তালুকদাৰ, দিম্পুল মেধি, কপিঞ্জল শৰ্মা, মৃগাংক শৰ্মা, যুৱৰাজ ভৰদ্বাজ আদি উপস্থিত থাকে ।

নিয়মীয়া বাৰ্তা, বৰভাগ, ১০ জুলাই :

You might also like