নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নৃত্যাংগনৰ চাৰিদিনীয়া কথক নৃত্য কৰ্মশালাৰ সফল সামৰণি

ধুবুৰীত চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্থানীয় সাংস্কৃতিক সংগঠন নৃত্যাংগনৰ উদ্যোগত আয়োজিত চাৰিদিনীয়া বিনামূলীয়া কথক নৃত্যৰ কৰ্মশালাখনৰ সফল সামৰণি পৰে।

বিগত ৬ জুলাইৰ পৰা ৯ জুলাইলৈ ধুবুৰীৰ লায়ন্স ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ১৩০গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি কথক নৃত্যৰ মৌলিক কৌশল, তাল-লয় আৰু ভংগিমাৰ প্ৰশিক্ষণ লাভ কৰে। সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যালে নৃত্যাংগনৰ এই পদক্ষেপক সময়োপযোগী আৰু প্ৰশংসনীয় বুলি অভিহিত কৰে।

আনহাতে, নিজ ভাষণত নৃত্যাংগনৰ সভানেত্ৰী ড০ প্ৰতিমা নিয়োগীয়ে সুবিধা-বঞ্চিত শিক্ষাৰ্থীক ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সৈতে পৰিচয় কৰাই দিয়াটোৱে কৰ্মশালাখনৰ মূল লক্ষ্য আছিল বুলি উল্লেখ কৰে। বিশিষ্ট কথক নৃত্যশিল্পী অৰ্পিতা কৰ্মকাৰৰ তত্ত্বাৱধানত অনুষ্ঠিত এই প্ৰশিক্ষণৰ সামৰণী অনুষ্ঠানত শিক্ষাৰ্থীসকলে গুৰুবন্দনা আৰু মনোমোহা কথক নৃত্য পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানৰ অন্তত অংশগ্ৰহণকাৰী সকলো শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষক আৰু সহযোগীসকলক সম্বৰ্ধনা জনোৱা হয়।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ জুলাই :

You might also like