নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ জালত ছয় গভাইত চোৰ

ধুবুৰী জিলাৰ গৌৰীপুৰত শুকুৰবাৰে আৰক্ষীৰ অভিযানত ছয়টাকৈ গভাইত চোৰ আটক হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুখনকৈ ই-ৰিক্সা চুৰি কৰি পলাবলৈ লোৱা অৱস্থাত গৌৰীপুৰ আৰক্ষীৰ জালত পৰে চোৰকেইটা। ধৃতকেইজন গৌৰীপুৰৰ পূব টিয়ামাৰীৰ আব্দুল আজিজ, মধুশৈলমাৰীৰ ইলিয়াছ আলী, বৰুৱাপট্টিৰ ননীগোপাল দাস, পুন্তিৰ চৰ প্ৰথম খণ্ডৰ সমীৰ আলী, চৌৰঙীমোৰৰ কানাইয়া চৌহান আৰু মধুশৈলমাৰী দ্বিতীয় খণ্ডৰ নুৰ ইছলাম বুলি প্ৰকাশ।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ জুলাই
You might also like