আজি বিশ্বকাপ ফুটবলৰ মহাৰণ, মেটলাইফত লিখা হ’ব নতুন ইতিহাস
ডিজিটেল ডেস্ক, ১৯ জুলাই : পৃথিৱীত এনে কিছুমান দিন আহে, যিটো দিন কেৱল এখন খেলৰ বাবে স্মৰণীয় নহয়– সেই দিনটোতে ইতিহাস লিখা হয়, কিংবদন্তিৰ জন্ম হয় আৰু কোটি কোটি মানুহৰ আৱেগ একেলগে স্পন্দিত হয়৷ ২০২৬ চনৰ ফিফা বিশ্বকাপৰ মহাফাইনেল- এনে এক ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ সাজু৷ ভাৰতীয় সময় অনুসৰি আজি নিশা ১২.৩০ বজাত আমেৰিকাৰ নিউ জার্ছীস্থিত বিশ্বখ্যাত মেটলাইফ ষ্টেডিয়ামত মুখামুখি হ’ব বর্তমানৰ বিশ্ব চেম্পিয়ন আর্জেণ্টিনা আৰু ইডৰোপীয় চেম্পিয়ন স্পেইন৷
এইখন কেৱল বিশ্বকাপ ফুটবলৰ ফাইনেল মেচ নহয়, এইখন দুটা যুগৰ, দুটা দর্শনৰ, দুটা প্রজন্মৰ আৰু কোটি কোটি অনুৰাগীৰ সপোনৰ মহাসংঘর্ষ৷ এফালে বিশ্ব ফুটবলৰ জীৱন্ত কিংবদন্তি লিঅ’নেল মেছি, যাৰ বাবে এইখন শেষ বিশ্বকাপ ফাইনেল৷ আনফালে বিশ্ব ফুটবলৰ নতুন বিস্ময় লামিন য়ামাল, যি নিজৰ প্রথম বিশ্বকাপতে ইতিহাস লিখিবলৈ ওলাইছে৷ সেয়েহে এইবাৰ ফাইনেলক ইতিমধ্যে বিশ্বৰ ক্রীড়া বিশেষজ্ঞসকলে অভিজ্ঞতা বনাম নতুন যুগৰ মহাযুঁজ বুলি অভিহিত কৰিছে৷
আজি নিশা ফুটবল কেৱল খেলপথাৰত সীমাবদ্ধ নাথাকিব৷ ইউৰোপৰ পৰা দক্ষিণ আমেৰিকা, এছিয়াৰ পৰা আফ্রিকা– বিশ্বৰ প্রায় প্রতিখন দেশতেই কোটি কোটি অনুৰাগীয়ে টেলিভিছন, ম’বাইল, ডিজিটেল প্লেটফর্ম আৰু বৃহৎ পর্দাৰ সন্মুখত একেলগে ইতিহাসৰ সাক্ষী হ’বলৈ অপেক্ষা কৰি আছে৷ অসমতো বিশ্বকাপ ফুটবলৰ ফাইনেলক লৈ উন্মাদনা তুংগত৷ গুৱাহাটী, ডিব্রুগড, যোৰহাট, শিলচৰ, তেজপুৰ, নগাঁৱকে ধৰি বিভিন্ন ঠাইত ফুটবল অনুৰাগীয়ে ক্লাব, কেফে, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত বৃহৎ পর্দাত মেচ উপভোগ কৰাৰ আয়োজন কৰিছে৷ বহু পৰিয়ালে ঘৰতে বিশেষ ব্যৱস্থা কৰিছে৷
সামাজিক মাধ্যম ইতিমধ্যে আর্জেণ্টিনা আৰু স্পেইনৰ পতাকাৰে ভৰি পৰিছে৷ বহু ঠাহত মেছি আৰু য়ামালৰ জার্ছী পৰিধান কৰি অনুৰাগীসকলে নিজৰ সমর্থন প্রকাশ কৰিছে৷ লক্ষণীয় যে ২০২৬ চনৰ বিশ্বকাপ নিজেই এক নতুন ইতিহাস৷ প্রথমবাৰৰ বাবে ৪৮টা দলে অংশগ্রহণ কৰা এই বিশ্বকাপ আমেৰিকা, কানাডা আৰু মেক্সিকো– এই তিনিখন দেশে যুটীয়াভাৱে আয়োজন কৰিছে৷ মুঠ ১০৪খন মেচ অনুষ্ঠিত হোৱা এই বিশ্বকাপত কেইবাখনো নতুন দেশে প্রথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰে৷ সেয়েহে এই ফাইনেলখন নতুন যুগৰ বিশ্বকাপৰ প্রথম সোণালী অধ্যায় হিচাপে ইতিহাসত চিৰদিনৰ বাবে লিপিবদ্ধ হৈ থাকিব৷
৩৯ বছৰীয়া লিঅ’নেল মেছিৰ বাবে খেলখন কেৱল এখন ফাইনেল নহয়, এটা যুগৰ অন্তিম অধ্যায়৷ ২০২২ চনত বিশ্বকাপ জয় কৰাৰ পিছতো তেওঁ পুনৰ এবাৰ দেশক ফাইনেললৈ লৈ আহিছে৷ চলিত বিশ্বকাপত তেওঁ ৬খন খেলত ৫টা গ’ল আৰু ৩টা এছিষ্ট কৰি পুনৰ প্রমাণ কৰিছে যে বয়স তেওঁৰ বাবে কেৱল এটা সংখ্যা৷ বিশ্বকাপ ইতিহাসত তেওঁৰ মুঠ গ’লৰ সংখ্যা ইতিমধ্যে ১৮লৈ বৃদ্ধি পাইছে৷ যদি মেছিয়ে পুনৰ বিশ্বকাপ ট্ৰফী দখল কৰে, তেন্তে বিশ্ব ফুটবলৰ ইতিহাসত তেওঁৰ স্থান সোণালী আখৰেৰে চিৰদিনলৈ লিখা থাকিব৷ আনহাতে, স্পেইনৰ ১৯ বছৰীয়া লামিন য়ামাল এই বিশ্বকাপৰ আটাইতকৈ উজ্জ্বল তাৰকা৷ তেওঁৰ দ্রুতগতি, ড্রিবলিং, নিখুঁত পাছ আৰু গ’ল সৃষ্টিৰ ক্ষমতাই ইতিমধ্যে বিশ্বৰ ফুটবলপ্রেমিক আকৃষ্ট কৰিছে৷ চলিত বিশ্বকাপত ৪টা গ’ল আৰু ৫টা এছিষ্ট কৰা য়ামালে ফাইনেলত গ’ল দিব পাৰিলে বিশ্বকাপ ফাইনেলৰ অন্যতম কনিষ্ঠ গ’লদাতা হিচাপে নতুন অভিলেখ গঢ়িব পাৰে৷
বহু বিশেষজ্ঞই তেওঁক মেছিৰ পিছৰ বিশ্ব ফুটবলৰ নতুন মুখ হিচাপে অভিহিত কৰিছে৷ স্পেইনৰ শক্তি হৈছে দলবদ্ধ খেল, বল দখল কৰি ক্ষিপ্র পাছিং৷ ৰড্রী, পেড্রী, নিকো উইলিয়ামছ, ফাবিয়ান ৰুইজ, মিকেল মেৰিনো, আয়মেৰিক লাপোর্ট আৰু গ’লৰক্ষক উনাই চিমনৰ দৰে তাৰকাই দলটোক সুসংগঠিত ৰূপ দিছে৷ লুইছ ডেলা ফুৱেণ্টেৰ প্রশিক্ষণত স্পেইনে সমগ্র প্রতিযোগিতাত অসাধাৰণ ফুটবল খেলিছে৷ অষ্ট্রিয়া, পর্তুগাল, বেলজিয়াম আৰু ফ্রান্সৰ দৰে শক্তিশালী দলক পৰাস্ত কৰি তেওঁলোকে প্রমাণ কৰিছে যে এইবাৰৰ বিশ্বকাপত তেওঁলোক অন্যতম শক্তিশালী দাবীদাৰ৷
আর্জেণ্টিনাৰ শক্তি হৈছে অভিজ্ঞতা আৰু মানসিক দৃঢ়তা৷ মেছিৰ লগতে জুলিয়ান আলভাৰেজ, লাডটাৰো মার্টিনেজ, এন্জো ফার্নাণ্ডেজ, এলেক্সিছ মেক এলিষ্টাৰ, ক্রিষ্টিয়ান ৰোমেৰো, লিছান্দ্রো মার্টিনেজ আৰু বিশ্বৰ অন্যতম শ্রেষ্ঠ গ’লৰক্ষক এমিলিয়ানো ‘ডিবু’ মার্টিনেজে দলটোক ভৰসা যোগাইছে৷ আর্জেণ্টিনায়ো প্রতিখন নকআউট মেচত নিজৰ খেলুৱৈসুলভ মনোভাব প্রদর্শন কৰিছে৷ বিশেষকৈ ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অন্তিম মুহূর্তত লাউটাৰো মার্টিনেজৰ গ’লত ঘূৰি অহা জয়ে দলটোৰ মানসিক দৃঢ়তাৰ পৰিচয় দিয়ে৷ ডাঙৰ মেচ খেলাৰ অভিজ্ঞতা আজিও আর্জেণ্টিনাৰ অন্যতম শক্তি৷
প্রায় ৮২,৫০০ দর্শকৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই ফাইনেলৰ মাজতে সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ য’ত অংশগ্রহণ কৰিব জাষ্টিন বিবাৰ, টম ক্রুজ, ৰবি উইলিয়ামছ, মেডোনা, ছাকিৰা আৰু নিকোল ছের্জিঙাৰৰ দৰে আন্তর্জাতিক তাৰকা৷ এই বর্ণিল সাংস্কৃতিক অনুষ্ঠানটো প্রায় ১১ মিনিটৰ হ’ব যদিও হাফ–টাইম বিৰতি ৩০ মিনিটলৈকে বৃদ্ধি কৰাৰ পৰিকল্পনা আছে৷
মন কৰিবলগীয়া যে স্পেইন জয়ী হ’লে ২০১০ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ব৷ আনহাতে, আর্জেণ্টিনা জয়ী হ’লে চতুর্থবাৰৰ বাবে বিশ্বকাপ দখল কৰাৰ লগতে ব্রাজিলৰ পিছত একেৰাহে দুবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অর্জন কৰিব৷ যেতিয়া অন্তিম হুইছেল বাজিব, তেতিয়া কেৱল এটা দলেই ট্ৰফী দখল কৰিব৷ কিন্তু এই স্মৃতি, এই আৱেগ, এই ইতিহাস আৰু এই ফুটবলৰ যাদু কোটি কোটি অনুৰাগীৰ হূদয়ত চিৰদিনৰ বাবে জীৱন্ত হৈ থাকিব৷ আজি বিশ্বই কেৱল নতুন বিশ্ব চেম্পিয়নেই নহয়, বিশ্বকাপৰ শতবর্ষৰ পূর্বে বিশ্বই লাভ কৰিব বিশ্ব ফুটবলৰ আন এক নতুন ইতিহাস ৷