ডিজিটেল ডেস্ক, ১৯ জুলাই : শিপিনীসকলৰ সুবিধা হোৱাকৈ, শ্ৰম আৰু সময় লাঘৱ কৰি তিনিটা ববিনত একেলগে সূতা ল’ব পৰা বিদ্যুৎচালিত স্বয়ংক্ৰিয় এটা যন্ত্ৰ উদ্ভাৱন কৰি “গুজৰাট শক্তি উদ্ভাৱন বঁটা ২০২৫” ৰ বাবে নিৰ্বাচিত হৈছে দৰঙৰ মৃদু ডেকা নামৰ যুৱ উদ্ভাৱকগৰাকী।
গুজৰাট শক্তি সংৰক্ষণ নিগম আৰু গুজৰাট ইনোভেচন অএেঁপ্রিনিয়ৰশ্বিপ কাউন্সিলে আগবঢ়াইছে এই বঁটা। মূলতঃ উদ্ভাৱনীমূলক প্রচেষ্টাক উৎসাহিত কৰাৰ স্বীকৃতিস্বৰূপে প্ৰদান কৰা এই বঁটাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ উদ্ভাৱকৰ ১০টা উদ্ভাৱনৰ ভিতৰত মৃদু ডেকাৰ এই যন্ত্ৰবিধ নিৰ্বাচিত হৈছে।
দৰঙৰ বিষ্ণুপুৰ নিৱাসী তথা তামুলপুৰ পলিটেকনিকৰ পৰা কাৰিকৰী বিষয়ত ডিপ্ল’মাধাৰী প্ৰতিভাধৰ ছাত্ৰগৰাকীৰ এই উদ্ভাৱনে অসমৰ শিপিনীৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে। ২২ জুলাইত গুজৰাটত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত উদ্ভাৱক ছাত্ৰগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা।