আজি ২৩ জুলাই, শাওণ মাহৰ ৬ তাৰিখ
বৃহস্পতিবাৰ : তিথি–সপ্তমী, নক্ষত্র : চিত্রা, যাত্রা : নাই
মেষ : আজি দিনটো বৰ ভাল দেখা নাযায়৷ দূৰ যাত্রা নকৰিব৷ দেহভাব উত্তম বুলি যিকোনো নতুন কাম–কাজ কৰোঁতে উৎসাহ আহিব৷ বিদ্যাত অধিক মনোযোগৰ দৰকাৰ৷ শুভ ৰং – বেঙুনীয়া৷ শুভ সংখ্যা – ২।
বৃষ : আজি হাত-ভৰিৰ বেদনা অনুভৱ কৰিব পাৰে৷ সন্তানৰ শুভ৷ ব্যৱসায়ত লাভৱানৰ যোগ৷ সামাজিক দিশত ব্যস্ততা বৃদ্ধি পাব৷ প্রেমত সাৱধান৷ শুভ ৰং – ৰঙা৷ শুভ সংখ্যা – ৮।
মিথুন : আজি মানসিক অৱস্থা ঠিকেই থাকিব৷ চলা-ফুৰাত সাৱধান থাকিব৷ ব্যৱসায়-বাণিজ্যত ভাল যদিও অর্থ আয় কৰিব নোৱাৰিব৷ প্রেমত বাধা৷ শুভ ৰং – হালধীয়া৷ শুভ সংখ্যা – ৬।
কর্কট : আজি সন্তানৰ বিবাহৰ যোগ৷ যাত্রা শুভ৷ ঘৰুৱা পৰিৱেশ ভাল৷ বিদ্যার্থীসকলে নতুন সুযোগ লাভ কৰিব৷ ব্যৱসায়ত বাধা৷ শুভ ৰং – মেৰুণ৷ শুভ সংখ্যা – ২।
সিংহ : আজি চাকৰিয়ালসকলৰ বাবে ভাল৷ সন্তানৰ সু-স্বাস্থ্যৰ বাবে চিন্তা৷ ভ্রমণত শুভ৷ নিজ হাতেৰে টকা-পইচাৰ লেনদেন কৰিব৷ প্রেমত কষ্ট৷ শুভ ৰং – সোণালী৷ শুভ সংখ্যা – ৮।
কন্যা : আজি পুৰণি ৰোগ উপশম হোৱাৰ সম্ভাৱনা৷ মানসিক দিশত ভাল যদিও সৰুসুৰা চিন্তা থাকিব৷ দূৰ ভ্রমণত আঘাত প্রাপ্তিৰ সম্ভাৱনা৷ বিদ্যাত বাধা৷ শুভ ৰং – চিলভাৰ৷ শুভ সংখ্যা – ৩।
তুলা : আজি দেহত অলপ এলাহ ভাব থাকিব পাৰে৷ দেহ-মনত কষ্ট অনুভৱ হ’ব৷ নতুন কর্মত হাত নিদিয়াই ভাল৷ যান–বাহন ক্রয় কৰিব পাৰে৷ শুভ ৰং – বগা৷ শুভ সংখ্যা – ৫।
বৃশ্চিক : আজি দুর্ঘটনা, ৰক্তপাত আদি হোৱাৰ সম্ভাৱনা৷ ব্যৱসায়ৰ ক্ষেত্রত শুভ৷ স্বাস্থ্য ভালে থাকিব৷ বিদ্যাত শুভ৷ প্রেমত সন্দেহ৷ শুভ ৰং – গুলপীয়া৷ শুভ সংখ্যা – ৪।
ধনু : আজি কর্মক্ষেত্রত স্থান পৰিৱর্তনৰ যোগ৷ যান-বাহন চলোৱা লোকসকল সাৱধানে থাকক৷ বিদ্যাত শুভ৷ প্রেমত উৎসাহ৷ শুভ ৰং – কমলা৷ শুভ সংখ্যা – ৭।
মকৰ : আজি মূৰৰ বিষ, পেটৰ বিষ আদিত ভুগিব পাৰে৷ ব্যৱসায়-বাণিজ্যত মধ্যম ফল৷ আনৰ পৰা সহায় লাভ কৰিব৷ প্রেমত ভুল বুজাবুজি হ’ব পাৰে৷ শুভ ৰং – নীলা৷ শুভ সংখ্যা – ৯।
কুম্ভ : আজি ওচৰ চুবুৰীয়াৰ লগত কাজিয়া-পেচালত মন বেয়া হ’ব পাৰে৷ সৰুসুৰা অসুখ হ’ব পাৰে৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং – ক্রীম৷ শুভ সংখ্যা – ৮।
মীন : আজি পিতৃ-মাতৃৰ শৰীৰ বিশেষ ভালেৰে নাযাব৷ ঘৰুৱা পৰিৱেশ ভাল বুলি ক’ব নোৱাৰি৷ সন্তানৰ লগত কিবা বিষয়ক লৈ বিৰোধ হ’ব পাৰে৷ শুভ ৰং – কলা৷ শুভ সংখ্যা – ১।