ডিজিটেল ডেস্ক, ২৩ জুলাই : নাগালেণ্ডৰ পাহাৰীয়া অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত নামনিৰ অসম ভূমিৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট তথা নাজিৰা সম–জিলাত সৃষ্টি হোৱা প্রলয়ংকৰী বানত মৃতকৰ সংখ্যা অর্ধশতাধিক পাৰ হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগে জিলাকেইখনত ৩০গৰাকীৰো অধিক লোকৰ বানত মৃত্যু হোৱাৰ খবৰ প্রকাশ কৰিলেও বাতৰি লিখা পৰলৈকে প্রলয়ংকৰী বানত অর্ধশতাধিক লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷
খবৰ অনুসৰি, কেৱল শিৱসাগৰতে ১৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০গৰাকীৰো অধিক লোক সন্ধানহীন হৈ আছে৷ আনহাতে নাজিৰাৰ পৰা পোৱা খবৰ অনুসৰি, নাজিৰা সম–জিলাত ২০জনৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ নাজিৰাৰ বিস্তীর্ণ এলেকা গেলেকী, বিহুবৰ, চণ্টক, কমল চাপৰি, বৰমিচিং গাঁও, কেন্দুগুৰি বাইলুং গাঁও, লুথুৰি গাঁও, তেঁতেলীগুৰি, টিপমীয়া, বচা গাঁও, হুলাল কাটনি, ৰহদৈগাঁও আদিত বর্তমানো পানী ওলাই যোৱা নাই৷ তদুপৰি এই গাঁওসমূহত পলসে পুতি পেলোৱাৰ বাবে বানাক্রান্তই ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷ মথুৰাপুৰ, সাপেখাতী, চফ্রাই, টেঙাপুখুৰী আদিত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও মাহমৰাত বান পৰিস্থিতি অপৰিৱর্তিত হৈ আছে৷
চৰাইদেউ জিলাৰ কিছু অঞ্চলত বান পৰিস্থিতি উন্নত হৈছে যদিও অঞ্চলসমূহত এতিয়া বসবাসৰ পৰিস্থিতি একেবাৰে বেয়া হৈ আছে৷ নাজিৰাৰ কমল চাপৰিত এইপর্যন্ত ৫০গৰাকীৰো অধিক লোক সন্ধানহীনৰ খবৰ পোৱা গৈছে৷ সেইদৰে বিহুবৰ নেপালীখুঁটিৰ বহু লোকৰ সন্ধান নাই৷ বিশেষতঃ ম’বাইল নেটৱর্কৰ অভাৱ তথা দুর্গম অঞ্চললৈ উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দল যাব নোৱাৰাৰ বাবেই এই অঞ্চলসমূহত কিমান লোকৰ বানৰ কবলত পৰি মৃত্যু হৈছে তাৰ তথ্য নাই প্রশাসনৰ হাতত৷
আনহাতে, চৰাইদেউৰ টেঙাপুখুৰী অঞ্চলৰ একেটা পৰিয়ালৰে নিৰুদ্দেশ হৈ থকা বিদিশা দুৱৰা, বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাৰো মৃতদেহ উদ্ধাৰ হৈছে৷ আনহাতে, পৰিয়ালটোৰ সন্ধানহীন মাতৃ টুটুমণি দুৱৰাৰ মৃতদেহ এইপর্যন্ত উদ্ধাৰ কৰিব পৰা নাই৷ ইফালে, চৰাইদেউৰ মথুৰাপুৰ থানা এলেকাত ৫গৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ থানাখনৰ অন্তর্গত হলৌফুকন গাঁও পঞ্চায়তৰ ধামধূলি গাঁও আৰু চোমনি গাঁৱত এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে দুটা উৱলি যোৱা মৃতদেহ৷ মৃতদেহ দুটাৰ এটা অচিনাক্ত পুৰুষৰ, আনটো চোমনি গাঁৱৰ সন্ধানহীন হৈ থকা নৰেন ফুকনৰ বুলি চিনাক্ত কৰা হৈছে৷
উদ্ধাৰ কৰা মৃতদেহকেইটা হ’ল মাইবেলা ১০১নং গ্রাণ্ট গেলগেলি অঞ্চলৰ ৭ বছৰীয়া শিশু মনোজ মাল, শিলাসাঁকো চোমনি গাঁৱৰ অকণ চিত্রকৰ (৮৫) আৰু প্রদীপ চিত্রকৰ (৬৫) ধামধূলি চোমনি গাঁৱৰ নৰেন ফুকন (৪৭) আৰু এটা মৃতদেহ বর্তমানেও চিনাক্ত কৰিব পৰা নাই৷