কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ নৱজ্যোতি গেছ এজেন্সীৰ ট্ৰেড লাইচেঞ্চ বাতিল কৰিছে। এলপিজি বিতৰণত গুৰুতৰ অনিয়ম আৰু একাধিক নিয়ম উলংঘনৰ অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জিলা প্ৰশাসনৰ তথ্য অনুসৰি, হাতীগড় চাৰিআলিত অৱস্থিত এই এলপিজি বিতৰণকাৰী সংস্থাটোৰ বিৰুদ্ধে গ্ৰাহকসকলৰ পৰা দীৰ্ঘদিন ধৰি নিম্নমানৰ সেৱা আৰু নিয়ম ভংগৰ বহু অভিযোগ লাভ হৈছিল।
অভিযোগসমূহৰ ভিতৰত এলপিজি চিলিণ্ডাৰৰ ক’লা বজাৰ, গ্ৰাহকৰ সৈতে কৰ্মচাৰীসকলৰ দুৰ্ব্যৱহাৰ, অভিযোগৰ সঠিক সমাধান নকৰা আৰু অন্যান্য গুৰুতৰ অনিয়ম অন্তৰ্ভুক্ত আছিল।
লাইচেঞ্চ বাতিল কৰাৰ পূৰ্বে প্ৰশাসনে প্ৰাকৃতিক ন্যায়ৰ নীতি অনুসৰি এজেন্সীখনলৈ কাৰণ দৰ্শোৱাৰ জাননী (Show Cause Notice) জাৰি কৰিছিল, যাতে তেওঁলোকে নিজৰ বক্তব্য দাঙি ধৰাৰ সুযোগ লাভ কৰে।
প্ৰশাসনে লগতে জনাইছে যে আন কেইবাটাও এলপিজি বিতৰণকাৰীৰ বিৰুদ্ধেও অভিযোগ পোৱা গৈছে। কিন্তু নৱজ্যোতি গেছ এজেন্সীৰ বিৰুদ্ধে অভিযোগৰ সংখ্যা আৰু গুৰুত্ব অধিক হোৱাত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইফালে, একেধৰণৰ অনিয়মৰ সন্ধানত আন কেইবাটাও এলপিজি গেছ এজেন্সীকো প্ৰশাসনে কটকটীয়া নজৰদাৰীৰ আওতালৈ আনিছে। ভৱিষ্যতে কোনো সংস্থা নিয়ম ভংগ কৰা ধৰা পৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে স্পষ্ট কৰি দিছে।
ডিজিটেল ডেস্ক, ২৪ জুলাই