নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেপাৰ লিক নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ কেন্দ্ৰীয় চৰকাৰ

পেপাৰ ফাদিলৰ ঘটনাক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ আইন অধিক কঠোৰ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। সূত্ৰ অনুসৰি, ‘সাৰ্বজনীন পৰীক্ষা (অবৈধ উপায় প্ৰতিৰোধ) আইন, ২০২৪’-ত সংশোধনী আনি শাস্তিৰ ব্যৱস্থা অধিক কঠোৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

দিল্লীত পেপাৰ ফাদিলক কেন্দ্ৰ কৰি চলি থকা প্ৰতিবাদৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰস্তাৱিত সংশোধনীসমূহত ২৪ জুলাইত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠকত অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে।

সম্ভাৱ্য নতুন সংশোধনী

  • পেপাৰ ফাদিলৰ দোষী সাব্যস্ত ব্যক্তিক ৫ বছৰৰ পৰা ১০ বছৰলৈ কাৰাদণ্ড বিহাৰ ব্যৱস্থা।
  • বৰ্তমানৰ ১০ লাখ টকাৰ জৰিমনা বৃদ্ধি কৰি ১ কোটি টকালৈ কৰাৰ প্ৰস্তাৱ।
  • পেপাৰ ফাদিলৰ গোচৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট-ট্ৰেক আদালতক অধিক ক্ষমতা প্ৰদান।

যদিও এই সংশোধনী সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, শীঘ্ৰেই এই প্ৰস্তাৱ কেবিনেটত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেপাৰ ফাদিলক লৈ হোৱা প্ৰতিবাদৰ প্ৰসংগত কয় যে যোৱা আঢ়ৈ মাহত এই সমস্যা ৰোধৰ বাবে একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ জনায় যে ফাষ্ট-ট্ৰেক আদালতৰ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰস্তাৱ বিভাগসমূহে দাখিল কৰিছে আৰু ইয়াক কেবিনেট বৈঠকত আলোচনা কৰা হ’ব। কেবিনেটৰ অনুমোদনৰ পিছতে সংসদৰ চলিত অধিৱেশনতে সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলোৱা হ’ব।

বৰ্তমানৰ ‘সাৰ্বজনীন পৰীক্ষা (অবৈধ উপায় প্ৰতিৰোধ) আইন, ২০২৪’ অনুসৰি পেপাৰ ফাদিলৰ দোষীক ৩ৰ পৰা ৫ বছৰলৈ কাৰাদণ্ড আৰু ১০ লাখ টকালৈ জৰিমনা বিহাৰ ব্যৱস্থা আছে। নতুন সংশোধনীৰ জৰিয়তে এই শাস্তি অধিক কঠোৰ কৰাৰ লক্ষ্য লোৱা হৈছে।

ডিজিটেল ডেস্ক, ২৪ জুলাই

You might also like